শ্বহীদ দিপাঞ্জল দাসৰ গৃহত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ
নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : ৰাজ্যত নৱগঠিত নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব লৈয়েই লুৰিণজ্যোতি গগৈয়ে প্ৰথমবাৰৰ বাবে আজি নিশা উপস্থিত হয় ছয়গাঁৱত ৷ আজি নিশা প্ৰায় চাৰে আঠ বজাত "কা" আন্দোলনৰ প্ৰথম শ্বহীদ ছয়গাঁও দলৈপাৰাৰ দিপাঞ্জল দাসৰ ঘৰত উপস্থিত হৈ দিপাঞ্জলৰ পিতৃ মাতৃক সাক্ষাৎ কৰি তেওঁলোকৰ পৰিয়ালৰ খবৰ লয় ৷ নতুন আঞ্চলিক দলটোৰ সভাপতি গৰাকীয়ে দিপাঞ্জলৰ পিতৃ মাতৃৰ লগত বহু সময় ধৰি কথা বাৰ্তা পতাৰ লগতে দেশৰ পৰিস্থিতিৰ বিষয়ে বহু কথা পাতে ৷ আনহাতে লুৰিণজ্যোতি গগৈয়ে সাংবাদিকৰে হোৱা কথা বতৰাত দিপাঞ্জল দাসৰ পৰিয়ালে এতিয়াও দিপাঞ্জলৰ মৃত্যুৰ প্ৰমাণ পত্ৰ নোপোৱাত আক্ষেপ কৰাৰ লগতে এয়া চৰকাৰৰ সম্পূৰ্ণ গাফিলতি বুলি কৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ "কা" আন্দোলনত ফুলকুমলীয়া ল’ৰাক হত্যা কৰা ঘটনাৰ লগতে সমগ্ৰ "কা" আন্দোলনক চৰকাৰে বিপথে পৰিচালনা কৰা বুলি অভিযোগ তুলি তেওঁ এই হত্যাকাণ্ডৰ এক উচিত তদন্ত দাবী কৰিছে ৷ আচলতে চৰকাৰে কৰা তেনেবোৰ কামেৰে চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়া বুলিও তেওঁ মন্তব্য কৰে ৷ গগৈয়ে বিজেপি চৰকাৰক হত্যাকাৰী চৰকাৰ বুলিও আখ্যা দিয়ে ৷ লুৰিণজ্যোতি গগৈৰ লগতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে কেইবাগৰাকী বিষয় ববীয়া তথা নেতা কৰ্মী উপস্থিত থাকে ৷