কোচ ৰাজবংশী জনগোষ্ঠীক অনুসুচীত জনজাতিৰ মৰ্য্যদাৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ গেঠেলা মাৰিল - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, November 7, 2020

কোচ ৰাজবংশী জনগোষ্ঠীক অনুসুচীত জনজাতিৰ মৰ্য্যদাৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ গেঠেলা মাৰিল

কোচ ৰাজবংশী জনগোষ্ঠীক অনুসুচীত জনজাতিৰ মৰ্য্যদাৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ গেঠেলা মাৰিল


বকোৰ পৰা বিষ্ণু ৰাম দাসৰ প্ৰতিবেদন : অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী কোচ ৰাজবংশী সকলোক ৰাজ্য চৰকাৰে অনুসুচীত জনজাতিৰ মৰ্য্যদা অতি শীঘ্ৰে প্ৰদান কৰিবলৈ আহ্বান জনাইছে কামৰূপ জিলাৰ বকোৰ বন্দাপাৰাত শনিবাৰে অনুষ্ঠিত সভাই। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ অন্যতম জিলা সমিতি গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি অশোক কুমাৰ দাসে এই আহ্বান ৰাজ্য চৰকাৰক জনায় কয় যে ৰাজ্যত শাসনাধীন বি জে পি মিত্ৰজোটৰ চৰকাৰ খনে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী ইস্তাহাৰত ঘোষনা কৰা মতে অসমৰ কোচ ৰাজবংশী সকলোক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰি অতি শীঘ্ৰে চৰকাৰী ন্যায্যতা প্ৰদান কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে ; আজি গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ অধিনৰ প্ৰাথমিক গোট পশ্চিম বেকেলী কোচ ৰাজবংশী সন্মিলনীৰ দ্বি বাৰ্ষিক অধিবেশন খন অনুষ্ঠিত হয় বন্দাপাৰা গাওঁৰ দূৰ্গামন্দিৰত। বকো ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম বেকেলী কোচ ৰাজবংশী জাতীয় সংগঠনটোৰ প্ৰাথমিক গোটৰ জেষ্ঠ্য সমাজ কৰ্মী অতুল চন্দ্ৰ ঠাকুৰীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হয় অধিবেশনৰ সাধাৰণ সভা। সংগঠনটোৰ সম্পাদক ডিম্বেশ্বৰ দাসে আত ধৰা অনুস্থানত পশ্চিম বেকেলী কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাথমিক গোটৰ কাৰ্য্যকলাপ আৰু সাংগঠনিক দিশৰ ওপৰত আলোকপাত কৰে আৰু বিষয় বাচনি পৰ্বৰ জৰিয়তে ভাস্কৰ দাসক সভাপতি ; পদ্ম কুমাৰ দাস আৰু দ্বীপেন দাসক উপ সভাপতি লগতে ৰঞ্জিত পাটোৱাৰীক সাধাৰণ সম্পাদক ; জ্যোতিষ দাস আৰু দীপাংকৰ দাসক সহ সম্পাদক হিচাপে মনোনীত কৰি গঠন কৰা হয় সংগঠনটোৰ প্ৰাথমিক গোটৰ পৰিচালনা সমিতি খন। আনহাতে একে খন সভাতেই তৰালী বৰাক সভানেত্ৰী আৰু বিজু দাসক সম্পাদিকা হিচাপে মনোনীত কৰি গঠন কৰা হয় পশ্চিম বেকেলী কোচ ৰাজবংশী মহিলা সন্মিলনীৰ পৰিচালনা সমিতি খন। সভাত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ দাস ; জিলা সন্মিলনী সমিতিৰ সভাপতি অশোক কুমাৰ দাস ; কাৰ্য্যকৰী সভাপতি সনাতন দাস ; সম্পাদক দীপক কুমাৰ ৰয় ; সাংগাঠানিক সম্পাদক গৌৰাঙ্গ চৌধুৰী ; সহকাৰী সম্পাদক সুভাষ দাস আৰু যুৱ ছাত্ৰ সন্মিলনীৰ জিলা সমিতিৰ সভাপতি বিষ্ণু ৰাম দাস ; জিলা কালচাৰেল চোছাইটিৰ সভাপতি পংকজ বীৰ দাস আৰু  মহিলা সন্মিলনীৰ সম্পাদিকা জয়া দাস আদিকে ধৰি বহু কেইজন কোচ ৰাজবংশী সম্প্ৰদায়ৰ নেতৃবৃন্দ উপস্থিত থাকে। সভাৰ মাজতে গুৱাহাটী জিলা কোচ ৰাজবংশী সন্মিলনীৰ অধিবেশনৰ ওপৰত আলোকপাত কৰে আৰু সাম্প্ৰতিক সময়ত কোচ ৰাজবংশী সকলোৰ জাতীয় অস্তিত্ব ৰক্ষাৰ্থে অনুসুচীত জনজাতিৰ মৰ্য্যদা পোৱাটো অতিকৈ আৱশ্যকীয় বুলি মত পোষণ কৰে বক্তা সকলে। জনগোষ্ঠী টোৰ জনজাতিৰ মৰ্য্যদাৰ ওপৰত আলোকপাত কৰা হয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন এমাহৰ ভিতৰত দিয়া হ'ব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছিল যদিও আজিলৈ ইয়াৰ ওপৰত চৰকাৰী ভাৱে প্ৰদক্ষেপ লোৱা দেখা নগ'ল আৰু মন্ত্ৰী গোটৰ প্ৰতিবেদন গেঠেলা মাৰাহে দেখা গ'ল। সভা খনত জনগোষ্ঠীটোৰ নেতৃবৃন্দই চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি বি জে পিক সমালোচনা কৰাহে দেখা গ'ল। সভাত কোচ ৰাজবংশী জনগোষ্ঠীক ৰাজ্য চৰকাৰে মান্যতা প্ৰদান কৰি অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰি চৰকাৰী নীতি নিৰ্দেশনা অনুসাৰে ৰাজপত্ৰিত নথিত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়।

Post Bottom Ad

Responsive Ads Here