বকোত শতাধিক অগপ বিজেপি কৰ্মী কংগ্ৰেছত যোগদান - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, October 8, 2020

বকোত শতাধিক অগপ বিজেপি কৰ্মী কংগ্ৰেছত যোগদান

বকোত শতাধিক অগপ বিজেপি কৰ্মী কংগ্ৰেছত যোগদান

বকোত শতাধিক অগপ বিজেপি কৰ্মী কংগ্ৰেছত যোগদান

বকো : বৃহস্পতিবাৰে কামৰূপ জিলাৰ বকো সমষ্টিৰ বামুণবৰীত কংগ্ৰেছ দলৰ এখন সভা অনুষ্ঠিত হয় ৷ বামুণবৰী গাওঁ পঞ্চায়তৰ ১০ নং ৱাৰ্ডত অনুষ্ঠিত সভাত  অগপ আৰু বিজেপি দলৰ পৰা অহা শতাধিক কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে ৷ বুথ সভাত সাদন সন্যালে সভাপতিত্ব কৰা সভাখনত সমষ্টিৰ বিধায়িকা নন্দিতা দাস, ছমৰীয়া ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ধনেশ্বৰ বায়ন , ছমৰীয়া মহিলা ব্লক কংগ্ৰেছৰ সভানেত্ৰী ছুফিয়া বেগম, বকো সমষ্টি সামাজিক মাধ্যমৰ সমন্বয়ক দিলবৰ হুছেইন , ছমৰীয়া ব্লক কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিন্নত আলী আৰু   বামুণবৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মৰণি চৰকাৰকে ধৰি বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকে ৷

 

Post Bottom Ad

Responsive Ads Here