দুদ্ধৰ্ষ গাড়ী চোৰ কাদেৰ হুছেইন গ্ৰেপ্তাৰ
নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ- কুখ্যাত বগা চোৰৰ ভাগিনিয়েক জুনিয়ৰ বগা। দুদ্ধৰ্ষ গাড়ী চোৰ কাদেৰ হুছেইন ওৰফে বগা অৱশেষত জালত পৰিল ছয়গাঁও আৰক্ষীৰ। এ এছ ০১ এ এক্স ৩৯৮১ নম্বৰ চেণ্ট্ৰো গড়ী সহ কাদেৰক ছয়গাঁও আৰক্ষীয়ে চণ্ডিকা গেটত আটক কৰে । পলাশবাৰী সমষ্টিৰ হালিগাঁৱৰ বাঢ়ন্তি ৰঙামাটিৰ বেজিবাকাৰাৰ দুৰ্ধৰ্ষ গাড়ী চোৰটো কুখ্যাত গাড়ীচোৰ বগা ওৰফে আনোৱাৰৰ ভাগিন। চেণ্ট্ৰো গাড়ীখন দুদ্ধৰ্ষ ডকাইত তামোলপুৰৰ ৰমেশ দৈমাৰীৰ পত্নীৰ নামত আছে। কাদেৰক বকোৰ ফালে চুৰি মটৰ চাইকেল বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত ছয়গাঁৱৰ চণ্ডিকা গেটত আৰক্ষীয়ে আটক কৰে যদিও বাইকত অহা লোক দুজন বাইকসহ পলায়ন কৰে। ৰমেশ দৈমাৰীৰ ভনীয়েক বগা চোৰৰ পত্নী। সেয়ে সম্পৰ্কত আটায়ে এটা পৰিয়ালৰ।