গৰৈমাৰীত পুনৰ ২জন ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ
নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে গৰৈমাৰীৰ জোৰশিমলুৰ পৰা সোমবাৰে নিশা দুজন ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰে ৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত ছয়গাঁও আৰক্ষী আৰু জোৰশিমলু আৰক্ষীয়ে চলোৱা অভিযানত জোৰশিমলু বজাৰৰ পৰা জমিৰ খান আৰু ফৰিদুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ী দুজনক আটক কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়ামতে দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলত এই লোক দুজনে ড্ৰাগছৰ ব্যৱসায় চলাই আছিল ৷ আৰক্ষীয়ে লোক দুজনৰ পৰা ৭ গ্ৰাম হিৰোইন জব্দ কৰিবলৈও সক্ষম হয় ৷ উল্লেখযোগ্য যে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত ধাৰাবাহিকভাৱে চলাই অহা অভিযানত কেইবাগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷