ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে মুঠ ৫২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, March 15, 2025

ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে মুঠ ৫২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে মুঠ ৫২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল


'জনসেৱা লাইভ' ১৫ মাৰ্চঃ আগন্তুক ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। উল্লেখ্য যে কামৰূপ জিলাৰ অন্তৰ্গত মুঠ ১৬ টা পৰিষদীয় সমষ্টিৰ বিপৰীতে মুঠ ৫২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে৷ ইয়াৰে  ২১ নং জাৰিহাট পৰিষদীয় সমষ্টিৰ বাবে ২ গৰাকীয়ে (ভাৰতীয় জাতীয় কংগ্ৰেছ-১, নিৰ্দলীয়-১) , ২২ নং বোন্দাপাৰা পৰিষদীয় সমষ্টিৰ বাবে ৬ গৰাকীয়ে (ভাৰতীয় জনতা পাৰ্টী-১, ভাৰতীয় জাতীয় কংগ্ৰেছ-১, আম আদমী পাৰ্টী-১, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ-১, নিৰ্দলীয়-২), ২৩ নং খলিহাকোঠ পৰিষদীয় সমষ্টিৰ বাবে ২ গৰাকীয়ে (ভাৰতীয় জাতীয় কংগ্ৰেছ-১, নিৰ্দলীয়-১), ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ বাবে ৩ গৰাকীয়ে ( ভাৰতীয় জাতীয় কংগ্ৰেছ -১, নিৰ্দলীয়- ২) , ২৫ নং হাঁহিম পৰিষদীয় সমষ্টিৰ বাবে ২ গৰাকীয়ে(ভাৰতীয় জাতীয় কংগ্ৰেছ-১, নিৰ্দলীয়-১) , ২৬ নং জোঙ্গাঁখুলি পৰিষদীয় সমষ্টিৰ বাবে ২ গৰাকীয়ে (ভাৰতীয় জাতীয় কংগ্ৰেছ-১, নিৰ্দলীয়-১), ২৭ নং বকো পৰিষদীয় সমষ্টিৰ বাবে ৫ গৰাকীয়ে (ভাৰতীয় জাতীয় কংগ্ৰেছ-১, আম আদমী পাৰ্টী-১, নিৰ্দলীয়-৩), ২৮ নং উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিৰ বাবে ৫ গৰাকীয়ে(ভাৰতীয় জাতীয় কংগ্ৰেছ-১, টি এম চি -১, নিৰ্দলীয়-৩) , ২৯ নং দক্ষিণ বনগাঁও পৰিষদীয় সমষ্টিৰ বাবে ৪ গৰাকীয়ে(ভাৰতীয় জাতীয় কংগ্ৰেছ -১ , তৃণমূল কংগ্ৰেছ-১, নিৰ্দলীয়-২), ৩০ নং বামুনিগাঁও পৰিষদীয় সমষ্টিৰ বাবে ৫ গৰাকীয়ে( ভাৰতীয় জনতা পাৰ্টী-১, ভাৰতীয় জাতীয় কংগ্ৰেছ-১, তৃণমূল কংগ্ৰেছ-১, নিৰ্দলীয়-২) , ৩১ নং গোৱৰ্ধন পৰিষদীয় সমষ্টিৰ বাবে ২ গৰাকীয়ে( ভাৰতীয় জাতীয় কংগ্ৰেছ-১, নিৰ্দলীয়-১), ৩২ নং পাণ্টান পৰিষদীয় সমষ্টিৰ বাবে ৩ গৰাকীয়ে (ভাৰতীয় জাতীয় কংগ্ৰেছ-১, নিৰ্দলীয়-২), ৩৩ নং কুলছি পৰিষদীয় সমষ্টিৰ বাবে ৩ গৰাকীয়ে( ভাৰতীয় জাতীয় কংগ্ৰেছ-১, নিৰ্দলীয়-২), ৩৪ নং চানডুবী পৰিষদীয় সমষ্টিৰ বাবে ২গৰাকীয়ে ( ভাৰতীয় জাতীয় কংগ্ৰেছ -১, নিৰ্দলীয়-১), ৩৫ নং শিলপোতা পৰিষদীয় সমষ্টিৰ বাবে ৩ গৰাকীয়ে (ভাৰতীয় জনতা পাৰ্টী-১, ভাৰতীয় জাতীয় কংগ্ৰেছ-১, অসম জাতীয় পৰিষদ-১)আৰু ৩৬ নং ৰাণী পৰিষদীয় সমষ্টিৰ বাবে ৩ গৰাকীয়ে (ভাৰতীয় জাতীয় কংগ্ৰেছ-১, নিৰ্দলীয়-২) মনোনয়ন পত্ৰ দাখিল কৰিছে৷ উল্লেখ্য যে মনোনয়ন পত্ৰ পৰীক্ষাৰ তাৰিখ ১৭ মাৰ্চ(পুৱা ১১ বজা), মনোনয়ন পত্ৰ পৰীক্ষাৰ পিছত বৈধ প্ৰাৰ্থীৰ তালিকা ১৭ মাৰ্চতে প্ৰকাশ কৰা হ’ব। প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ বাবে ১৯ মাৰ্চৰ বিয়লি ৩ বজালৈকে সময় নিৰ্ধাৰণ কৰা হৈছে আৰু একেদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোট গ্ৰহণৰ বাবে দিন ধাৰ্য কৰা হৈছে আৰু কোনো কাৰণত যদি পুনৰ ভোট গ্ৰহণ কৰিবলগীয়া হয়, তেন্তে ৩ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। ভোট গ্ৰহণৰ অন্তত ৪ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব আৰু ভোট গণনা প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত ৪ এপ্ৰিলতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

Post Bottom Ad

Responsive Ads Here