কামৰূপ জিলাত থকা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰম সেৱাৰ উদ্বোধন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, March 1, 2025

কামৰূপ জিলাত থকা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰম সেৱাৰ উদ্বোধন

কামৰূপ জিলাত থকা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰম সেৱাৰ উদ্বোধন

কামৰূপ, আমিনগাঁও, ২ মাৰ্চঃ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীত কালি আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰম (আৰবিএছকে)ৰ সেৱাসমূহ মুকলি কৰা হয়। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক প্ৰফেচাৰ অশোক পুৰাণিকে কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ড০ ৰূপালী শইকীয়া ফুকন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ বিষয়ববীয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই সেৱাসমূহৰ উদ্বোধন কৰে।অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীত আৰবিএছকে কাৰ্যসূচীৰ সংযোজনে ১৮ বছৰৰ তলৰ শিশুসকলক চিকিৎসা সেৱা প্ৰদান কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই পদক্ষেপৰ অংশ হিচাপে সকলো ১৮ বছৰৰ তলৰ হিতাধিকাৰীয়ে বহিঃবিভাগ আৰু আন্তঃবিভাগত  বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব।উল্লেখ্য যে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰম (আৰ বি এছ কে) হৈছে সকলো শিশুক পৰ্যাপ্ত যতন প্ৰদানেৰে তেওঁলোকৰ সঠিক বিকাশ নিশ্চিত কৰা আৰু শিশুৰ সামগ্ৰিক জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে গ্ৰহণ কৰা এক কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত জন্মৰ পৰা ১৮ বছৰ বয়সলৈকে শিশুৰ জন্মৰ সময়ত হোৱা বিকাৰ, বিভিন্ন ৰোগ, অভাৱ আৰু বিকাশৰ বিলম্ব আদিৰ আগতীয়া চিনাক্তকৰণ আৰু বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান হয়।

Post Bottom Ad

Responsive Ads Here