কামৰূপ জিলাৰ সংহত জিলা কাৰ্যালয়ৰ চৌহদত ধঁপাতজাতীয় দ্ৰব্যৰ সেৱনকাৰীক জৰিমনা
কামৰূপ, আমিনগাঁও ২৭ জানুৱাৰীঃ কামৰূপ জিলাৰ সংহত জিলা কাৰ্যালয় পৰিসৰত ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ আৰু সেৱনকাৰীৰ বিৰুদ্ধে অভিযান চলাই আজি কেইবাজনো কৰ্মচাৰী তথা কাৰ্যালয়লৈ অহা লোকক চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন, ২০০৩ ৰ ৪ নং ধাৰাৰ অধীনত মুঠ ৪৮২০ টকাৰ জৰিমনাৰে দণ্ডিত কৰা হয়। উল্লেখ্য যে এক পৰিষ্কাৰ আৰু সুস্থ কৰ্মৰ পৰিবেশ বজাই ৰখাৰ উদ্দেশ্যৰে সংহত জিলা কাৰ্যালয় চৌহদত যিকোনো প্ৰকাৰৰ ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ আৰু সেৱনত নিষেধাজ্ঞা জাৰি কৰি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই শেহতীয়াকৈ এক নিৰ্দেশ জাৰি কৰিছিল। এই নিষেধাজ্ঞাৰ জৰিয়তে কাৰ্যালয়ৰ চৌহদৰ ভিতৰত আৰু বাহিৰত ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ আৰু গ্ৰহণ কৰা যেনে- ধূমপান কৰা, ধঁপাতজাতীয় সামগ্ৰীৰ খোৱা বা পিক পেলোৱাত কঠোৰভাৱে বাধা আৰোপ কৰা হৈছিল। সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত এই নিষেধাজ্ঞাৰ উলংঘাকাৰীৰ বিৰুদ্ধে আজি জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ অৰবিন্দ দাসৰ নেতৃত্বত এটা দলে অভিযান চলাই কেইবাজনো কৰ্মচাৰী আৰু বিভিন্ন কামত কাৰ্যালয়লৈ অহা লোকে ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰি থকা অৱস্থাত দেখা পাই তেওঁলোকক জৰিমনা বিহে।