ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী উদযাপন বৰ্ষৰ শুভাৰম্ভ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, September 6, 2024

ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী উদযাপন বৰ্ষৰ শুভাৰম্ভ

 ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী উদযাপন বৰ্ষৰ শুভাৰম্ভ


ছয়গাঁও ,৬ ছেপ্টেম্বৰ : দক্ষিণ কামৰূপৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ছয়গাঁও মহাবিদ্যালয়ে আজি পঞ্চাশ বছৰ অতিক্ৰম কৰি একাৱন্ন সংখ্যক বৰ্ষত পদাৰ্পন কৰে। এই উপলক্ষে আজি ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰ পালন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা দহ বজাত বন্তি প্ৰজ্বলন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য উপদেষ্টা ডাঃ কমলাকান্ত কলিতাই। ইয়াৰ পিছতে ছয়গাঁও মহাবিদ্যালয়ৰ পতাকা, ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পতাকা আৰু সোণালী জয়ন্তী উদযাপন সমিতিৰ পঞ্চাশখন পতাকা বিশেষ বিশেষ ব্যক্তিৰ দ্বাৰা একেলগে উত্তোলন কৰা হয়। স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ কলিতা, পৰিচালনা সমিতিৰ সভাপতি ডঃ নগেন কলিতা, উপাধ্যক্ষ কমল ঠাকুৰীয়া আৰু সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক গোলাপ চন্দ্ৰ মেধিয়ে। ইয়াৰ পিছতে অনুষ্ঠিত হয় ''' ছয়গাঁও মহাবিদ্যালয়ৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত '' শীৰ্ষক এক মনোজ্ঞ আলোচনা চক্ৰ। ডঃ নগেন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা চক্ৰ উদ্বোধন কৰে ডাঃ কমলাকান্ত কলিতাই। আলোচনা চক্ৰত বিশেষ আলোচক হিচাপে অংশগ্ৰহণ কৰে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ জগদীশ চৌধুৰীয়ে প্ৰতিষ্ঠাকালৰ বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰম কৰি আজিৰ অৱস্থা পোৱাত গভীৰ সন্তোষ প্ৰকাশ কৰে।  আলোচনা চক্ৰত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱজ্যোতি দাস,বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ তপন দত্ত, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৰকান্ত অধিকাৰী,গৰৈমাৰীৰ ফখৰুদ্দিন আলি আহমেদ মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল আৱাল চাহাব, ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দিনমণি কলিতা, ছয়গাঁৱৰ কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অভিজিৎ দেৱ অধিকাৰী এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি নতুন শিক্ষা নীতিৰ আধাৰত মহাবিদ্যালয়খন আগুৱাই যোৱাৰ কামনা কৰে। আলোচনা চক্ৰত ছয়গাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মহেশ কলিতা, অধ্যক্ষ ডঃ নৱ কুমাৰ কলিতা, উপাধ্যক্ষ কমল ঠাকুৰীয়া,বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ মৃণাল কুমাৰ বড়া,প্ৰতিষ্ঠা কালত জড়িত বিশেষ ব্যক্তি প্ৰয়াত জ্ঞানেন্দ্ৰ দেৱানৰ পত্নী নলিনী দেৱান, প্ৰাক্তন ছাত্ৰ বলেন চন্দ্ৰ মেধি,মেঘালী দাস, সমাজকৰ্মী চগেন কলিতাকে ধৰি বহু সংখ্যক ব্যক্তিয়ে বক্তব্য ৰাখে।এই কাৰ্যসূচীৰ পিছতে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এখন নাটক মঞ্চস্থ কৰা হয়। সন্ধিয়া মহাবিদ্যালয় চৌহদত সমূহীয়া বন্তি প্ৰজ্বলন কৰা হয়।

Post Bottom Ad

Responsive Ads Here