কামৰূপ জিলাত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত শুনানিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ
কামৰূপ, আমিনগাঁও ১১ ছেপ্টেম্বৰঃ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা পুনৰ নিৰ্ধাৰণ আৰু ব্লক পুনৰগঠনৰ বাবে ষ্টেনডাৰ্ড অপাৰেটিঙ প্ৰচিডিউৰ সন্দৰ্ভত ২০২৪ চনৰ ৩ আগষ্টত জাৰি কৰা পূৰ্বৰ অধিসূচনা নং ই-৪৪৯৩৯৬/১৮ সন্দৰ্ভত জাৰি কৰা সংযোজন অনুযায়ী ( ২০২৪ চনৰ ৫ ছেপ্টেম্বৰৰ নং ই-৪৪৯৩৯৬/৩২) অহা ১৭ ছেপ্টেম্বৰত জিলা সীমা পুনৰ নিৰ্ধাৰণ আয়োগসমূহে খচৰা সীমা পুনৰ নিৰ্ধাৰণ অধিসূচনা জাৰি কৰাৰ পৰা অহা ২৭ ছেপ্টেম্বৰত চূড়ান্ত অধিসূচনা জাৰি কৰা পৰ্যন্ত ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এক সূচী প্ৰকাশ কৰিছে। সেই অনুসৰি ১৮ পৰা ২০ ছেপ্টেম্বৰলৈ ব্যক্তি, সামাজিক সংগঠনসমূহে খচৰা সন্দৰ্ভত নিজৰ মতামত,পৰামৰ্শ,আপত্তি আদি দাখিল কৰিব পাৰিব। ১৯ ছেপ্টেম্বৰৰ ভিতৰত সকলো ৰাজনৈতিক দলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰা হ’ব। দাখিল হোৱা মতামত, পৰামৰ্শ, আপত্তিসমূহ ২২ ছেপ্টেম্বৰৰ ভিতৰত পৰ্যালোচনা কৰা হ’ব। ২৩ ৰ পৰা ২৫ ছেপ্টেম্বৰৰ ভিতৰত ব্যক্তি, সংগঠনসমূহৰ বাবে ক্ৰমে সুকীয়া তাৰিখ নিৰ্ধাৰণ কৰি জিলা পৰ্যায়ত বিধানসভা সমষ্টি অনুযায়ী শুনানি গ্ৰহণ কৰা হ’ব। ২৬ ছেপ্টেম্বৰৰ ভিতৰত প্ৰয়োজন অনুসাৰে শুধৰণি কৰা হ’ব আৰু ২৭ ছেপ্টেম্বৰত চূড়ান্ত অধিসূচনা জাৰি কৰা হ’ব। সেই অনুসৰি কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা সীমা পুনৰ নিৰ্ধাৰণ আয়োগৰ অধ্যক্ষই এই নিৰ্দেশযোগে জনোৱা অনুসৰি নিৰ্ধাৰিত প্ৰ-পত্ৰ (গাঁও পঞ্চায়ত ৱাৰ্ড/আঞ্চলিক পঞ্চায়ত / জিলা পৰিষদ) খচৰা প্ৰকাশ হোৱাৰ পিছত জিলা পৰ্যায়ত সমষ্টি অনুযায়ী ৰাজহুৱা শুনানি অনুষ্ঠিত কৰা হ’ব। ৰাজহুৱা শুনানিত ব্যক্তি, সামাজিক সংগঠনসমূহ আৰু স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহে অংশ লব পাৰিব। ৰাইজৰ মাজৰ পৰা কোনোৱে শুনানিৰ সময়ত মতামত,পৰামৰ্শ, আপত্তি দিব বিচাৰিলে তেওঁলোকে নিজ মতামত,পৰামৰ্শ, আপত্তি সংশ্লিষ্ট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জিলা সীমা পুনৰ নিৰ্ধাৰণ আয়োগৰ সদস্য সচিবক উল্লেখিত তাৰিখ অনুযায়ী দাখিল কৰিব পাৰিব। সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ ঠিক পিছত জিলা সীমা পুনৰ নিৰ্ধাৰণ আয়োগে ১৯ ছেপ্টেম্বৰৰ ভিতৰত সকলো স্বীকৃত ৰাজনৈতিক দলৰ সৈতে এখন সভাত মিলিত হ’ব। জিলা সীমা পুনৰ নিৰ্ধাৰণ আয়োগে লাভ কৰা মতামত,পৰামৰ্শ, আপত্তিসমূহ চালি জাৰি চাব আৰু ওপৰত উল্লেখিত তাৰিখ অনুসৰি জনসাধাৰণৰ মতামত,পৰামৰ্শ, আপত্তি শুনিব।বিধানসভা সমষ্টি পৰ্যায়ত হোৱা প্ৰতিটো শুনানি বেলেগ বেলেগ অতিৰিক্ত জিলা আয়ুক্তৰ অধ্যক্ষতাত আৰু জিলা সীমা পুনৰ নিৰ্ধাৰণ আয়োগৰ দ্বাৰা মনোনীত কৰা বিধানসভা সমষ্টি পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ উপস্থিতিত অনুষ্ঠিত হ’ব । জিলা সীমা পুনৰ নিৰ্ধাৰণ আয়োগে শুনানিৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিধানসভা সমষ্টি অনুযায়ী স্থান বা কোঠা নিৰ্ধাৰণ কৰি দিব। মতামত,পৰামৰ্শ, আপত্তি সন্দৰ্ভত নিজে গ্ৰহণ কৰা শুনানি আৰু অসম পঞ্চায়ত আইন, ১৯৯৪(সংশোধিত)ৰ অধীনত সাংবিধানিক তথা আইনী বিধি ওপৰত ভিত্তি কৰি জিলা সীমা পুনৰ নিৰ্ধাৰণ আয়োগে ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰৰ ভিতৰত ৱাৰ্ডৰ সবিশেষসহ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ অধিসূচিত কৰিব।