তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাত বিশেষ নিষেধাজ্ঞা
কামৰূপ, আমিনগাঁও, ১০ ছেপ্তেম্বৰঃ ৰাজ্য চৰকাৰে চৰকাৰৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠানত খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে “তৃতীয় শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ” আৰু “চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ”ৰ জৰিয়তে অনুষ্ঠিত কৰিবলগীয়া লিখিত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আৰু অসম মাধ্যমিক শিক্ষা পৰিষদে অহা ১৫ ছেপ্টেম্বৰ, ২৯ ছেপ্টেম্বৰ আৰু ২৭ অক্টোবৰত লিখিত পৰীক্ষাৰ সূচী ঘোষণা কৰি জাৰি কৰা অধিসূচনাৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাতো পৰীক্ষাৰ বাবে নিৰ্ধাৰিত দিনকেইটাত ৭ টা জ’নৰ অধীনস্থ ১৫৫টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।
এই পৰীক্ষা মুক্ত, নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি তথা পৰীক্ষাৰ এই প্ৰক্ৰিয়া যাতে কোনো অবাঞ্ছিত বাহিৰা শক্তিৰ দ্বাৰা প্ৰভাৱিত নহয় তথা পৰীক্ষা চলি থকা সময়ত পৰীক্ষা কেন্দ্ৰৰ চাৰিওদিশৰ শান্তিপূৰ্ণ পৰিবেশ বিনষ্ট কৰিব পৰা কোনো ধৰণৰ অসৎ কাৰ্যকলাপ যাতে সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই সময়চোৱাত মুক্ত, নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াক অসৎ উপায়েৰে বিঘ্নিত কৰাৰ বাবে চেষ্টা চলোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তথা বাধাৰ সৃষ্টি কৰিৰ পৰা যিকোনো কাৰণ, পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত নিয়োজিত কৰ্মচাৰীক আঘাত কৰিব পৰা, মানৱ জীৱন, স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি বিপদ আনিব পৰা, ৰাজহুৱা শান্তি বিঘ্নিত কৰিব পৰা যিকোনো ঘটনা , সংঘৰ্ষ আদি প্ৰতিহত কৰাৰ বাবে কামৰূপ জিলাৰ জিলা দণ্ডাধীশ কীৰ্তি জল্লীয়ে পৰীক্ষাৰ দিনকেইটাত প্ৰযোজ্য হোৱাকৈ বি এন এছ এছৰ ১৬৩ নং ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষাৰ্থী, স্ক্ৰাইবসকল আৰু পৰীক্ষা অনুষ্ঠিত কৰা আৰু পৰীক্ষাৰ নিৰীক্ষণৰ লগত জড়িত কৰ্মচাৰীসকলৰ বাদে পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো লোক গোট খাব নোৱাৰিব। পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন ( ছুইচ অফ থকা মোবাইল ফোন), যিকোনো ধৰণৰ ইলেক্ট্ৰ’নিক সামগ্ৰী বা প্ৰগেমেবোল ডিভাইচ বা ষ্টৰেজ থকা মিডিয়া ডিভাইচ যেনে- স্মাৰ্ট ঘড়ী, হেলথ বেণ্ড, ইলেক্ট্ৰ’নিক পেন/ স্কেনাৰ, ব্লুটুথ ডিভাইচ, ইয়েৰ ফোন, মাইক্ৰ ফোন আদি বা আন তেনেধৰণৰ যোগাযোগৰ যিকোনো সামগ্ৰী কাম কৰি থকা অৱস্থাত বা চুইছ অফ থকা অৱস্থাত পৰীক্ষা হলৰ ভিতৰলৈ নিব নোৱাৰিব। লগতে কেলকুলেটৰ, পেনড্ৰাইভ, কাগজৰ টুকুৰা, পাঠ্যপুথি ( ছপা বা লিখিত)বা অসৎ উপায়েৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে ব্যৱহাৰ হ’ব পৰা কোনো ধৰণৰ সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব। এই নিষেধাজ্ঞা উলংঘা কৰিলে আইন অনুসৰি প্ৰযোজ্য ধাৰা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আদেশটোত কোৱা হৈছে।