কামৰূপ জিলাত ৬৩ সংখ্যক শিক্ষক দিৱস উদযাপন
কামৰূপ, আমিনগাঁও, ৫ ছেপ্টেম্বৰঃ* সমগ্ৰ দেশৰ লগতে আজি কামৰূপ জিলাতো ৬৩ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত বিশিষ্ট পণ্ডিত, দাৰ্শনিক তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকী উপলক্ষে আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যাপক ড০ কৰূণা কলিতা মুখ্য অতিথিৰূপে উপস্থিত থাকে। অনুষ্ঠানত শিক্ষাৰ ক্ষেত্ৰখনত প্ৰভুত বৰঙণি আগবঢ়োৱা ১১ গৰাকী শিক্ষকক কৃতী শিক্ষক বঁটা আৰু ২ গৰাকী শিক্ষকক উদগনি মূলক বঁটাৰে সন্মানিত কৰা হয় আৰু আন ৫ গৰাকী ৰাজ্যিক পৰ্যায়ত কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত গঢ়াৰ দিশত শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পৰিৱৰ্তিত যুগৰ সৈতে শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ ক্ষেত্ৰতো বহুখিনি পৰিৱৰ্তন আহিছে। ইয়াৰ মাজতো শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ মাধ্যমেৰে সমাজ গঢ়াৰ দিশত নিজ দায়িত্ব পালন কৰি আহিছে বুলি জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে। সভাত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যাপক ড০ কৰূণা কলিতাই শিক্ষকসকলে সমাজৰ উঠি অহা প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰি আহিছে বুলি অভিহিত কৰি সাম্প্ৰতিক বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত শিক্ষকসকলে সময়ৰ সৈতে খোজ মিলাই শিক্ষাদানৰ পদ্ধতিলৈ পৰিৱৰ্তন আনিব লাগিব বুলি উল্লেখ কৰে। তেওঁ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক শিক্ষা গ্ৰহণৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ আগ্ৰহ থকা ক্ষেত্ৰখনত আগুৱাই যাবলৈও অনুপ্ৰাণিত কৰিব লাগিব বুলিও উল্লেখ কৰে।
আজিৰ শিক্ষক দিৱসৰ কাৰ্যসূচীত কামৰূপিকা নামৰ এখন ই-মেগাজিনো উন্মোচন কৰা হয়। কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত প্ৰণৱ দত্ত গোস্বামী আৰু কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কলিতাকে ধৰি অন্যান্যসকল উপস্থিত থাকে। সভাৰ আৰম্ভণিতে উপস্থিত সকলোৱে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে।