বাৰ্তালোচনী 'জনসেৱা'ৰ পঞ্চদশ বাৰ্ষিক বৰ্ষপূৰ্তি - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, July 26, 2024

বাৰ্তালোচনী 'জনসেৱা'ৰ পঞ্চদশ বাৰ্ষিক বৰ্ষপূৰ্তি

 বাৰ্তালোচনী 'জনসেৱা'ৰ পঞ্চদশ বাৰ্ষিক বৰ্ষপূৰ্তি


'জনসেৱা লাইভ, ২৬ জুলাই : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পৰা প্ৰকাশিত বাৰ্তালোচনী 'জনসেৱা'ৰ পঞ্চদশ বৰ্ষপূৰ্তি ২৫ জুলাইত অনুষ্ঠিত হয়। ছয়গাঁৱৰ সমীপৰ দলৈপাৰাস্থিত অৱসৰপ্ৰাপ্ত শিক্ষক ৰজনী গোস্বামীৰ বাসগৃহত অনুষ্ঠিত সভাৰ উদ্বোধন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বাণেশ্বৰ দাসে। তেওঁ সমাজ গঠনত সাহিত্য আৰু সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কত বিতং ভাৱে ডাঙি ধৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ললিত চন্দ্ৰ ৰাভাই বাৰ্তালোচনী 'জনসৱা'ৰ পঞ্চদশ বৰ্ষপূৰ্তি বিশেষ সংখ্যা  উন্মোচন কৰে। তেওঁ উন্মোচনী ভাষণত আলোচনীৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়।  লগতে সমাজত মানৱতাৰ অভাৱ ঘটা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰৰ্ববী অধ্যাপক উপেন ডেকাই। তেওঁ ভাষণত বাৰ্তালোচনী 'জনসেৱা' সম্পৰ্কত মূল্যবান বক্তব্য আগবঢ়ায়। ভাষণত 'অৰুণোদয়'ৰ দিনৰ পৰা বৰ্তমানৰ তথ্য আৰু প্ৰযুক্তিৰ সুবিধা সম্পৰ্কে কোৱাৰ লগতে সমাজ গঠনত অসমীয়া কাকত-আলোচনীৰ ভূমিকা সম্পৰ্কে আলোচনা আগবঢ়ায়। কুকুৰমাৰাস্থিত শঙ্কৰদেৱ বিদ্যা মন্দিৰৰ ছাত্ৰী দীপাস্মিতা দাসৰ সৰস্বতী বন্দনাৰে আৰম্ভ কৰা অনুষ্ঠানৰ আদৰণি ভাষণ ৰাখে 'জনসেৱা'ৰ পৰিচালন সম্পাদক ধীৰাজ কুমাৰ দাসে। অনুষ্ঠানত দলৈপাৰা ৰাইজ গয়ৰহৰ পৰা 'জনসেৱা'ৰ মুখ্য সম্পাদক ৰজনী গোস্বামী আৰু পৰিচালন সম্পাদক ধীৰাজ কুমাৰ দাসক সম্বৰ্দ্ধনা জনায়। 'জনসেৱা'ৰ মুখ্য সম্পাদক ৰজনী গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছয়গাঁও সাহিত্য সভা (স্বৰ্ণ শাখা)ৰ সভাপতি ভূষণ কলিতা, বকোস্থিত জৱাহৰলাল মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড: প্ৰাণেশ্বৰ নাথ, শিক্ষক বিপুল ডাকুৱাই বক্তব্য ৰখাৰ লগতে দলৈপাৰা ৰাইজ গয়ৰহৰ সভাপতি বিমল শালৈকে আদি কৰি কেবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় বাৰ্তালোচনী জনসেৱাৰ কাৰ্যবাহী সম্পাদক হিতেশ দাসে।

Post Bottom Ad

Responsive Ads Here