কামৰূপৰ গাৱে-চহৰে অমৃত কলহ যাত্ৰাত সাংসদ-বিধায়ক- বিষয়াৰ লানি - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Monday, October 2, 2023

কামৰূপৰ গাৱে-চহৰে অমৃত কলহ যাত্ৰাত সাংসদ-বিধায়ক- বিষয়াৰ লানি

 কামৰূপৰ গাৱে-চহৰে অমৃত কলহ যাত্ৰাত সাংসদ-বিধায়ক- বিষয়াৰ লানি

 আমিনগাওঁ, ২ অক্টোবৰ: ৰাজ্যৰ আন অংশৰ লগতে আজি কামৰূপ জিলাতো অমৃত কলহ যাত্ৰা অভিযানে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে গাওঁ পঞ্চায়ত আৰু পৌৰ কাৰ্যালয় অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। উত্তৰ গুৱাহাটী পৌৰ সভাৰ মধ্যম খণ্ড দুৰ্গা মন্দিৰত আয়োজিত এটি অনুষ্ঠানত জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ নিজৰ ভাষণত কয় যে, "মোৰ মাটি মোৰ দেশ" শীৰ্ষক এই অভিযানে সমগ্ৰ দেশৰ জনতাৰ মাজত সম্প্ৰীতি আৰু একতা ভাবধাৰাক অধিক শক্তিশালী কৰিব। ই দেশৰ নাগৰিক সমাজক দেশৰ প্ৰতি অধিক দায়বদ্ধ কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত ঠাকুৰীয়া,  অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জিৎ কুমাৰ দেৱ আৰু সদৰ মহকুমাধিপতি ৰশ্মী প্ৰতাপো উপস্থিত থাকে।  ঘৰে ঘৰে  সংগ্ৰহীত মাটিৰ কলহ সমূহ আজি জিলাখনৰ বিভিন্ন গাওঁ অঞ্চলৰ  পৰা পঞ্চায়তৰ কাৰ্যায়লৈ সমদল কৰি আনি জমা দিয়া হয়। এই উপলক্ষে পঞ্চায়ত আৰু পৌৰ কাৰ্যালয় সমূহত বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয়। বকোৰ ৭১ নং পূব বাকেলী গাওঁ পঞ্চায়তৰ এনে অনুষ্ঠানত স্থানীয় বিধায়িকা নন্দিতা দাস, ছয়গাওঁৰ বামুণী গাওঁ পঞ্চায়তত স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ,  হাজোৰ কলিতাকুছীত ৰাজ্য সভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, শুৱালকুছিৰ মধ্য শুৱালকুছি আৰু  দদৰাত লোকসভাৰ সাংসদ কুইন ওজা, ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত  ৰঙিয়া তিনিআলি  শিৱ মন্দিৰ আৰু বিদ্যাগড়ত স্থানীয় বিধায়ক ভৱেশ কলিতা, বৰণঘাটিত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, বৰদৌলত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা‌, পলাশবাৰীৰ ৩ নং ৱাৰ্ডৰ সমূহীয়া ভৱনত স্থানীয় বিধায়ক হেমাঙ্গ ঠাকুৰীয়া, ৰাণীত পশুধন নিগমৰ অধ্যক্ষ মনোজ শ‌ইকীয়া আদিৰ উপৰি আন আন পঞ্চায়ত সমূহত জিলা প্ৰশাসন তথা জিলাখনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।  ইয়াকে লৈ আজি জিলাখনৰ বিভিন্ন প্ৰান্তত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে আজি যিবোৰ গাওঁ পঞ্চায়ত আৰু পৌৰ ৱাৰ্ডত এই কাৰ্যসূচী অনুষ্ঠিত নহ'ল সেইবোৰত অহা ৭ তাৰিখৰ ভিতৰত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত কৰা হ'ব।



Post Bottom Ad

Responsive Ads Here