কামৰূপ জিলাত অবিৰত দন্ত চিকিৎসা কাৰ্য্যক্ৰম - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, September 1, 2023

কামৰূপ জিলাত অবিৰত দন্ত চিকিৎসা কাৰ্য্যক্ৰম

কামৰূপ জিলাত অবিৰত দন্ত চিকিৎসা কাৰ্য্যক্ৰম

আমিনগাওঁ, ১ ছেপ্টেম্বৰঃ মুখগহ্বৰৰ কৰ্কট ৰোগ আৰু দাঁতৰ বিভিন্ন ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে কামৰূপ জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত কালি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।  জিলা নোডেল অফিচাৰ তথা দন্ত চিকিৎসক ডাঃ পল্লৱী ঠাকুৰীয়াৰ তত্বাৱধানত নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হস্পিতালৰ সভাকক্ষত পোন প্ৰথমবাৰৰ বাবে অবিৰত দন্ত চিকিৎসা নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ স্বাস্থ্য বিভাগৰ দাযিত্বত থকা অতিৰিক্ত আয়ুক্ত কমল বৰুৱাই অনুষ্ঠানটিৰ উদ্বোধন কৰে। আদৰনি শীৰ্ষক বক্তৃতা প্ৰদান কৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জীয়ে ।শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ডীন ডাঃ ৰূবী কটকীয়ে দন্ত চিকিৎসাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলোকে অবগত কৰে। তোলাৰাম বাফনা হস্পিতালৰ অধীক্ষক ডাঃ পৱন কুমাৰ পদ্মপতি,  জ্যেষ্ঠ দন্ত চিকিৎসক ডাঃ শান্তনু কুমাৰ ভট্টাচাৰ্য, নাক কাণ আৰু ডিঙি ৰোগৰ বিশেষজ্ঞা ডাঃ মুনমুন হাজৰিকা আদিয়েও নিজ বিভাগৰ বহুমূলীয়া বক্তব্য দাঙি ধৰে। দন্ত চিকিৎসক ডাঃ পল্লৱী বৰ্মন আৰু ডাঃ জ্ঞানশ্ৰী পাটোৱাৰীয়ে অনুষ্ঠানটিত পূৰ্ণ সহযোগিতা আগবঢ়ায়। কামৰূপ জিলাৰ সকলো চৰকাৰী দন্ত চিকিৎসকে এই অনুষ্ঠানটিত অংশগ্ৰহন কৰি লাভান্বিত হোৱাৰ লগতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে। এনে অনুষ্ঠানৰ জৰিয়তে জনসাধাৰণৰ মাজত মুখগহ্বৰৰ কৰ্কট ৰোগৰ লগতে দাঁতৰ বিভিন্ন ৰোগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰিব পৰা যাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

Post Bottom Ad

Responsive Ads Here