জলশক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ন’ডেল বিষয়াই পৰ্যালোচনা কৰিলে কামৰূপ জিলাৰ জলশক্তি অভিযান - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, June 8, 2023

জলশক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ন’ডেল বিষয়াই পৰ্যালোচনা কৰিলে কামৰূপ জিলাৰ জলশক্তি অভিযান

 জলশক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ন’ডেল বিষয়াই পৰ্যালোচনা কৰিলে কামৰূপ জিলাৰ জলশক্তি অভিযান 

কামৰূপ, আমিনগাঁও, ৮ জুনঃ কামৰূপ জিলাৰ সংহত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভূমি সম্পদ বিভাগৰ যুটীয়া সচিব তথা কামৰূপ জিলাৰ জলশক্তি অভিযানৰ ন’ডেল বিষয়া নিতিন খাড়েৰ অধ্যক্ষতাত জলশক্তি অভিযানৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয়  ভূ-জল বৰ্ডৰ বিজ্ঞানী তথা কাৰিকৰী বিষয়া ৰাজেশ কুমাৰ বাৰ্মাইও অংশ লয়। কেন্দ্ৰীয় ভূ-জল পৰিষদ, গুৱাহাটী, জিলা গ্ৰামোন্নয়ন সংস্থা, কামৰূপ জিলা পৰিষদ,  জনস্বাস্থ্য কাৰিকৰী, কৃষি, মীন পালন, জলসিঞ্চন বিভাগ, পৌৰ সভা, নেহৰু যুৱ কেন্দ্ৰ, সামাজিক বনানীকৰণ আৰু ভূমি সংৰক্ষণ আদি বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে।  বৈঠকত ভূগৰ্ভস্থ পানী আহৰণ আৰু বহনক্ষম জল ব্যৱস্থাপনা, বৰষুণৰ পানী সংৰক্ষণৰ বাবে পানী ৰিচাৰ্জ গাঁথনি সৃষ্টিৰ ক্ষেত্ৰত এক বিস্তৃত আলোচনা কৰা হয়। বৈঠকত অধ্যক্ষই সঠিক জল ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে জিলাখনত পানীৰ অভাৱৰ দৰে সমস্যাৰ সৃষ্টি নহয়। সকলো বিভাগকে উপযুক্ত পানী সংৰক্ষণ তথা জমা কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানৰ বাবে তেঁও আহ্বান জনায় যাতে এনে সঞ্চয়ৰ পানী অভাৱৰ সময়ত ব্যৱহাৰ কৰিব পৰা যায়। অমৃত সৰোবৰৰ  কামৰ প্ৰশংসা কৰি তেওঁ পানীৰ উৎসৰ স্থিৰতা বজাই ৰখাৰ বাবে কৰিব পৰা বিভিন্ন কাৰ্যকলাপৰ ওপৰত আলোকপাত কৰে।   বৈঠকত জলশক্তি অভিযান ৰূপায়ণৰ লগত সম্পৰ্কিত বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। অধ্যক্ষই পানীৰ উৎসৰ স্থিৰতাৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাম-কাজৰ বিষয়ে বৈঠকত অৱগত কৰে।  ইয়াৰ পিছতে কেন্দ্ৰীয় দলটোৱে ৰংমহল ৰাজহুৱা পানী যোগান আঁচনি পৰিদৰ্শন কৰি আঁচনিখনৰ কাৰ্যক্ষমতাৰ বুজ লয়।

Post Bottom Ad

Responsive Ads Here