জালুকবাৰী সমষ্টিত আয়ুষ্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, June 7, 2023

জালুকবাৰী সমষ্টিত আয়ুষ্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

 জালুকবাৰী সমষ্টিত আয়ুষ্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটী, ৭ জুন : জালুকবাৰী সমষ্টিত 'আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা' (এবি-পিএমজেএৱাই) আৰু 'আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা' (এএ-এমএমজেএৱাই)ৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত 'আয়ুস্মান কাৰ্ড' বিতৰণ প্ৰক্ৰিয়া আজিৰে পৰা মুকলি কৰা হৈছে। কামৰূপ জিলাৰ আমিনগাঁৱস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত বুধবাৰে বিয়লি আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জালুকবাৰী সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য নিশ্চয়তা আঁচনি দুখনৰ এই কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। কামৰূপৰ জিলা আয়ুক্ত কীৰ্তি জল্লী, ৰাজ্যৰ স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) তথা অটল অমৃত অভিযান ছছাইটিৰ উপ মুখ্য কাৰ্যবাহী বিষয়া কমলজিৎ তালুকদাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, কামৰূপৰ অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) কমল বৰুৱা আৰু যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জীয়েও অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, 'মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমৰ স্বাস্থ্যখণ্ডলৈ ইতিমধ্যে আমূল পৰিৱৰ্তন আহিছে। মুখ্যমন্ত্ৰীগৰাকীৰ ভৱিষ্যদৰ্শী চিন্তা-পৰিকল্পনাৰ আধাৰত আমাৰ চৰকাৰে 'সকলোৰে বাবে সুস্বাস্থ্য'ৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডত ন-ন সংযোজন অব্যাহত ৰাখিছে। আৰ্থিক ভাৱে একেবাৰেই দুৰ্বল পৰিয়ালৰ লোকসকলৰ লগতে সমাজৰ সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে ৰাজ্যয অত্যাধুনিক স্বাস্থ্য তথা চিকিৎসা সেৱা সুলভ কৰিবলৈ চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে।' মন্ত্ৰী মহন্তই লগতে কয় যে এই দুখন আঁচনিৰ অধীনত প্ৰতিটো হিতাধিকাৰী পৰিয়ালে বছৰি পাঁচ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰিব। তেওঁ কয়,  ''সাৰ্বজনীন স্বাস্থ্যসেৱাৰ নিশ্চয়তা প্ৰদান কৰি ২০১৮ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা আয়ুষ্মান ভাৰত আঁচনিৰ সম্প্ৰসাৰিত ৰূপ হিচাপে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ দিগদৰ্শনত অসম চৰকাৰে 'আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা' নামৰ আঁচনিখন প্ৰৱৰ্তন কৰি ৰাজ্যখনৰ সকলো ৰেচনকাৰ্ড থকা পৰিয়ালক স্বাস্থ্যৰ নিশ্চয়তা প্ৰদানৰ ব্যৱস্থা কৰিছে।' এবি-পিএমজেএৱাই আৰু এএ-এমএমজেএৱাই আঁচনি দুখনৰ অধীনত আয়ুস্মান কাৰ্ড থকা হিতাধিকাৰীসকলে ৰাজ্য তথা দেশৰ ৩০০ৰো অধিক চৰকাৰী আৰু বেচৰকাৰী তালিকাভুক্ত চিকিৎসালয়ত নগদ বিহীন ভাৱে বিভিন্ন ৰোগৰ ২৪ প্ৰকাৰৰ চিকিৎসা বিশেষত্বই সামৰি লোৱা ১৯০০ টা চিকিৎসা সেৱা তথা অস্ত্ৰোপচাৰৰ সুবিধা লাভ কৰিব বুলি মন্ত্ৰী মহন্তই কয়। উল্লেখ্য যে, জালুকবাৰী সমষ্টিত প্ৰায় ৯৪,০০০ গৰাকী হিতাধিকাৰীয়ে আঁচনি দুখনৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব।



Post Bottom Ad

Responsive Ads Here