সমল কেন্দ্ৰ সমন্বয়কৰ গ্ৰুপৰ পৰা আঁতৰিব প্ৰাথমিক শিক্ষক - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, May 28, 2023

সমল কেন্দ্ৰ সমন্বয়কৰ গ্ৰুপৰ পৰা আঁতৰিব প্ৰাথমিক শিক্ষক

সমল কেন্দ্ৰ সমন্বয়কৰ গ্ৰুপৰ পৰা আঁতৰিব প্ৰাথমিক শিক্ষক
গুৱাহাটী ২৮ মেঃ  কাইলৈ ২৯ মে তাৰিখে দিনৰ ১১ বজাত  ৰাজ্যৰ সকলো প্ৰাথমিক শিক্ষকে সমল কেন্দ্ৰ সমন্বয়কৰ ৱাটচআপ গোটৰ পৰা ওলাই আহিব। শিক্ষাসেতুঁত শিক্ষকৰ তথ্য কাৰ্যালয়ে কৌশলেৰে কৰোৱাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ন কৰিব। একাংশ সমল কেন্দ্ৰ সমন্বয়কে মনে মনে শিক্ষক দাতা আপডেট কৰাৰ অভিযোগ লাভ কৰাত সন্মিলনীৰ জৰুৰী কৰ্মকৰ্তা সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে এনেদৰে শিক্ষকৰ অগোচৰে তথ্য আপডেটত কৰাৰ ফলত শিক্ষকৰ তথ্য বিভ্ৰান্তি হলে ইয়াৰ বাবে কাৰ্যালয় জগৰীয়া হ’ব বুলি সকলো শিক্ষা বিষয়াক স্মাৰক পত্ৰও প্ৰদান কৰিব। ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে শিক্ষাবিভাগৰ গ্ৰহণ কৰা সিদ্ধান্ত তিনিবছৰে কাৰ্যকৰী নকৰাত ক্ষোভিত প্ৰাথমিক শিক্ষক সকলে নতুন কামৰ দায়িত্ব গ্ৰহণ নকৰাৰ বাবে লোৱা সিদ্ধান্তত অটল আছে। যোৱা ২২ মে তাৰিখে ৰাজ্যৰ সকলো বিদ্যালয়ে টেবলেট ঘূৰাই দি কৰা প্ৰতিবাদৰ পাচত শিক্ষাসেঁতুৰ কামত অসহযোগ অৱ্যাহত আছে। তেনে সময়তে শিক্ষা বিভাগে শিক্ষক দাতা আপডেটৰ সপ্তাহ কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লৈছে। আনকি শিক্ষামন্ত্ৰীয়ে  দৰমহাৰ প্ৰসঙ্গ টানি আনি শিক্ষকক  ভাবুকি প্ৰদান কৰাত সন্মিলনীয়ে ক্ষোভ প্ৰকাশ কৰিছে‘। সন্মিলনীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যে শিক্ষক সকলে শৈক্ষিক কাম নিয়াৰীকৈ পালন কৰি আহিছে। আনকি নতুনকৈ জাপি দিয়া কামক বাদে পূৰ্বৰ পৰা কৰি অহা সকলো কাম পৰিচালনা কৰি আছে।  প্ৰাপ্য আদায় নিদিয়াকৈ নতুনকৈ কাম জাপি থাকিব সেয়া কোনো নীতিগত কথা হব নোৱাৰে। সেয়ে এজনো শিক্ষকৰ বেতনত হাত দিলে নো পে নো ৱৰ্ক কাৰ্যসূচী ৰূপায়ন কৰা হব। ইয়াৰ দ্বাৰা হব পৰা শৈক্ষিক ক্ষতিৰ বাবে শিক্ষামন্ত্ৰী জগৰীয়া হব। নিজৰ বিভাগে লোৱা সিদ্ধান্তটো কাৰ্যকৰী কৰিব পৰা নাই। শিক্ষক সকলৰ সৰলতাৰ সুযোগ লৈ চাৰ্ভিচ ৰুলৰ কথা কৈ ভাবুকি দিয়াৰ পৰা বিৰত থকাৰ আহ্বান জনায়। আজিও চাৰ্ভিচৰুলখন সম্পূৰ্ণ কৰিব নোৱাৰা মন্ত্ৰী গৰাকীয়ে বিফলতা স্বীকাৰ কৰা উচিত। সন্মিলনীৰ এই সিদ্ধান্ত সমূহত নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা, সদৌ অসম টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজ, ষ্টেটপুল শিক্ষক সন্থা আদি সংগঠনেও সহযোগ কৰিব।


 

Post Bottom Ad

Responsive Ads Here