কামৰূপ জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, May 10, 2023

কামৰূপ জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত

 কামৰূপ জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত

কামৰূপ, আমিনগাঁও ১০ মেঃ কামৰূপ জিলাৰ জিলা উন্নয়ন সমিতিৰ মে’ মাহৰ বৈঠক আজি জিলা উন্নয়ন আয়ুক্ত নৰসিং বেৰ অধ্যক্ষতাত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰা এই বৈঠকত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। তদুপৰি বিগত এপ্ৰিল মাহত অনুষ্ঠিত বৈঠকত বিভিন্ন বিভাগলৈ প্ৰদান কৰা নিৰ্দেশনা সমূহৰ অগ্ৰগতিৰ খাতিয়ানো লোৱা হয়। বৈঠকত কৃষি, স্বাস্থ্য, পশুপালন আৰু পশু-চিকিৎসা, জলসম্পদ, লোকনিৰ্মান (গৃহ), ইত্যাদি বিভাগে ৰূপায়ন কৰি থকা আঁচনি সমূহৰ পুংখানুপুংখ পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰি আজিৰ বৈঠকত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পশুপালন আৰু পশু-চিকিৎসা, চহৰ আৰু গাঁও পৰিকল্পনা, হস্ততাত আৰু বস্ত্ৰ, মীন, ভূমি সংৰক্ষণ বিভাগে পাৱাৰ পইন্ট প্ৰেজেন্টেশ্যনৰ জৰিয়তে বিভাগ সমূহৰ দ্বাৰা ৰূপায়ন কৰা বিভিন্ন আঁচনি, আন্তঃগাঁথনি, হাতত ল’বলগীয়া প্ৰকল্প ইত্যাদিৰ সৱিশেষ দাঙি ধৰে।
জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে বিভাগ সমূহক আঁচনি ৰূপায়নৰ দিশত ঐকান্তিকতাৰে কাম কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেখেতে লগতে অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগক জিলাৰ বিভিন্ন তথ্য সামৰি অহা বৈঠকত প্ৰেজেন্টেশ্যন দাঙি ধৰাৰ নিৰ্দেশ দিয়ে। বৈঠকত তেখেতে শ্ৰমিক কল্যাণ বিভাগক সমগ্ৰ জিলাৰ তথ্য সামৰি অহা বৈঠকত এক প্ৰতিবেদন দাখিল কৰাৰো নিৰ্দেশ দিয়ে।



Post Bottom Ad

Responsive Ads Here