কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক
কামৰূপ, আমিনগাওঁ, ২০ অক্টোবৰঃ কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক আজি জিলা উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষা কীৰ্তি জল্লীৰ অধ্যক্ষতাত জিলা উন্নয়ন আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকৰ আৰম্ভণিতে জিলা পথ সুৰক্ষা সমিতিৰ সদস্য-সচিব তথা উত্তৰ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডল, ৰঙিয়াৰ কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ বৈশ্যই বিগত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত লোৱা সিদ্ধান্তৰ কাৰ্যবিৱৰণীৰ অগ্ৰগতি সন্দৰ্ভত এক চমু বক্তব্য দাঙি ধৰে। বৈঠকত জিলাখনত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থা তথা লৱলগীয়া ব্যৱস্থা সমূহৰ বিষয়ে বিতং আলোচনা কৰা হয়। উল্লেখ্য যে এই বৰ্ষত জিলাখনত আগষ্ট মহলৈকে সৰ্বমুঠ ৩৭৭ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই সংখ্যা বছৰটোৰ বাকী থকা সময়ছোৱাত সৰ্বাধিক হাৰত হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। জিলা উপায়ুক্তই আজিৰ বৈঠকত পথ সুৰক্ষাৰ বিধি নমনা বিশেষকৈ অতি বেগেৰে বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰাৰ পূৰ্বৰ নজিৰৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ চালকৰ অনুজ্ঞা পত্ৰ বাতিলৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰি জিলা পৰিবহন বিষয়াক এই সম্পৰ্কত বিহীত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে জিলাখনত তীব্ৰবেগী বাহন তথা পথ সুৰক্ষাৰ বিধি নমনা সৰ্বমুঠ ৭৭৫ গৰাকী চালকৰ অনুজ্ঞা পত্ৰ ইতিমধ্যে পৰিবহন বিভাগে বাতিল কৰিছে। আগন্তুক সময়ত এনে চালকৰ বিপৰীতে আৰু অধিক কঠোৰ ব্যৱস্থা লোৱাৰ বাবে আজিৰ বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। জিলা উপায়ুক্ত গৰাকীয়ে লগতে ৰাষ্ট্ৰীয় ঘাই পথ, ৰাজ্যিক পথ সমূহৰ দুৰ্ঘটনা প্ৰৱণ এলেকা সমূহত যথাসম্ভৱ আৰু অধিক দুৰ্ঘটনা প্ৰতিৰোধী ব্যৱস্থা যেনে গতি ৰোধক, উপযুক্ত চাইনবোৰ্ড, চ’লাৰ ব্লিংকিং লাইট, পথচাৰীয়ে অতিক্ৰম কৰা ঠাইৰ উপযুক্ত চিহ্নিতকৰণ ইত্যাদিৰ দৰে ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তদুপৰি পথত উন্মুক্তভাৱে ঘুৰি ফুৰা গৰু সমূহৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গৌৰীপুৰ আৰু চাংসাৰি এলেকাত পৰীক্ষামূলকভাৱে গৰুৰ খোৱাৰৰ ব্যৱস্থা কৰাৰ দিশত সংশ্লিষ্ট পঞ্চায়তৰ লগত যোগাযোগ কৰাৰ বাবে নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত মদনপুৰ টোলগেটৰ আন্তঃগাথনিৰ ব্যৱস্থা, ভাৰতীয় খাদ্য নিগমৰ বাহনৰ পাৰ্কিংৰ ব্যৱস্থা ইত্যাদি সম্পৰ্কতো আলোচনা কৰা হয়। পথ সুৰক্ষা সমিতিৰ নিয়মীয়া বৈঠক তথা ইয়াৰ কৰ্মৰাজিৰ নিয়মীয়া পৰ্যালোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপায়ুক্ত কীৰ্তি জল্লীয়ে এই সমিতিৰ বৈঠক প্ৰতি মাহৰ তৃতীয়টো শনিবাৰে নিয়মীয়াকৈ অনুষ্ঠিত কৰাৰ বাবেও নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ, জিলা পৰিবহন বিষয়াকে ধৰি লোকনিৰ্মাণ (পথ), ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ, দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগ সমূহৰ জেষ্ঠ বিষয়া সকলে অংশ লয়।