ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান
ছয়গাঁও ২৯ আগষ্ট : ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰ সহিতে উত্তীৰ্ণ হৈ ছয়গাঁও অঞ্চললৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয় ৷ লগতে সেই বিদ্যালয় অথবা মহাবিদ্যালয়ৰ মুৰব্বী সকলক সম্বৰ্ধনা জনোৱা হয় । কাৰ্যসূচী অনুসৰি আজি অনুষ্ঠিত হোৱা মুকলি তথা বিশেষ অভিনন্দন সভাত সভাপতিত্ব কৰে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সোনমইনা শালৈয়ে ৷ সভা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাসে । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা , জনপ্ৰিয় কন্ঠশিল্পী ৰিচা ভৰদ্বাজ, আমন্ত্রিত অতিথি হিচাপে উপস্হিত থাকে ছয়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল ঠাকুৰীয়া, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি ডেকা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পংকজ কলিতা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহঃ সাঃ সম্পাদক ভৱেশ দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক ধ্ৰুৱ তালুকদাৰ ৷ নিমন্ত্ৰিত অতিথি হিচাপে উপস্হিত থাকে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা নুৰ ইছলাম, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা উপম দাস, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পংকজ কলিতা ।