শুৱালকুছিত বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত
কামৰূপ, আমিনগাঁও, ২৫ আগষ্টঃ জিলা স্বাস্থ্য সমিতি কামৰূপৰ সহযোগত তথা শুৱালকুছি খণ্ড প্ৰাথমিক কেন্দ্ৰৰ উদ্যোগত আজি গন্ধমৌৰ নাথ চুবাৰ বিষ্ণুৰাভা সংঘ প্ৰাংগণত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুনিন্দ্ৰ নাথ দেৱ শৰ্মাই মুকলি কৰা এই স্বাস্থ্য শিবিৰত কামৰূপ জিলাৰ বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসক সকলে স্বাস্থ্য সেৱা আগবঢ়ায়। শিবিৰত ৰোগীসকললৈ বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদানৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ তথা বিনামূলীয়া লেবৰেটৰী পৰীক্ষণ সেৱা প্ৰদান কৰা হয়। তদুপৰি কামৰূপ জিলাত উপলব্ধ “ভ্ৰাম্যমান চিকিৎসা গোট” আৰু “সঞ্জীৱনী স্বাস্থ্য সেৱা কেন্দ্ৰ”ৰ যোগেদিও এই শিবিৰত স্বাস্থ্য সেৱা প্ৰদান কৰা হয়। শিবিৰত মুঠ ২১০ জন ব্যক্তিয়ে স্বাস্থ্য সেৱা লাভ কৰে। ইয়াৰ ভিতৰত ৩০ গৰাকী প্ৰসূতিয়ে প্ৰাক-প্ৰসৱ স্বাস্থ্য সেৱা লাভ কৰে। শিবিৰত মুঠ ২১০ টা লেবৰেটৰী পৰীক্ষণ কৰা হয়।বিনামূলীয়া স্বাস্থ্য শিবিৰ সাফল্যমণ্ডিত কৰাৰ বাবে জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে সমূহ ৰাইজক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে।