অসাধু চক্ৰৰ পৰা সাৱধানে থাকিবলৈ কামৰূপ জিলা প্ৰশাসনৰ জনসাধাৰণলৈ আহ্বান
কামৰূপ আমিনগাওঁ, ০৭ জুলাই:- ‘’অৰুণোদয়’’ (Orunodoi) আঁচনিৰ অনলাইন আৱেদন কৰাৰ বাবে একাংশ অসাধু লোকে সৰ্বসাধাৰণ জনসাধাৰণৰ পৰা ধন সংগ্ৰহ কৰি থকা বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে।সেয়েহে জিলা প্ৰশাসনে এক জাননীৰ জৰিয়তে ৰাইজক এনে ব্যক্তিৰ পৰা সাৱধানে থকাৰ উপৰি তেওঁলোকৰ অসাধু কথা-বতৰাৰ ওপৰত বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। এই সম্পৰ্কত জিলা প্ৰশাসনৰ পৰা কোৱা হৈছে যে এই আঁচনিখন ভৱিষ্যতে ৰূপায়ণ কৰাৰ বিষয়ে অৱগত হলে নিজ এলেকাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰাৰ বাবে সমূহ জনসাধাৰণক জাননীখনৰ জৰিয়তে আহ্বান জনোৱা হৈছে।