কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, July 28, 2022

কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক

কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক


আমিনগাওঁ, ২৮ জুলাই- কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক আজি জিলা উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ কীৰ্তি জল্লীৰ অধ্যক্ষতাত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা উপায়ুক্ত তথা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ কীৰ্তি জল্লীয়ে নিজৰ আদৰণী ভাষণত পথ সুৰক্ষাৰ দিশত সজাগতা তথা যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দিশত সংশ্লিষ্ট  সকলোৰে পৰা সহযোগিতা কামনা কৰাৰ লগতে কামৰূপ জিলাক এই দিশত এক আদৰ্শ জিলালৈ ৰূপান্তৰিত কৰাৰ আহ্বান জনায়। নতুন নিৰ্দেশনা অনুসৰি নতুনকৈ গঠন কৰা পথ সুৰক্ষা সমিতিখনৰ সদস্য-সচিব উত্তৰ কামৰূপ কেন্দ্ৰীয় পূৱ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ বৈশ্যই সভাৰ উদ্দেশ্য ব্যখ্যাত কামৰূপ জিলাত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাটোৱে আজিৰ সভাৰ মূল উদ্দেশ্য বুলি কয়। দুৰ্ঘটনা হ্ৰাসৰ দিশত  জিলাখনে কিছুপৰিমাণে সফল হৈছে বুলি উল্লেখ কৰি জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই এই সম্পৰ্কীয় তথ্য ডাঙি ধৰে। উল্লেখ্য যে কামৰূপ জিলাত ২০১১ বৰ্ষৰ জানুৱাৰীৰ পৰা জুনলৈকে হোৱা পথ দুৰ্ঘটনাৰ বিপৰীতে  ২০২২ বৰ্ষৰ উক্ত সময়ছোৱাত ১৪.২৪ শতাংশ দৰ্ঘটনা হ্ৰাস পোৱাৰ উপৰি পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১৮.৭৫ শতাংশ হ্ৰাস পাইছে। আজিৰ বৈঠকত ভাৰতীয় খাদ্য নিগমৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ উপযুক্ত পাৰ্কিঙৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। উপায়ুক্তই এই  দিশত সংশ্লিষ্ট সকলো পক্ষক সামৰি এক বৈঠক অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে। উপায়ুক্ত গৰাকীয়ে লগতে আৰক্ষী বিভাগক দুৰ্ঘটনাৰ তথ্য প্ৰদানৰ লগতে দুৰ্ঘটনাৰ স্থান উল্লেখ কৰাৰ পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে যাতে দুৰ্ঘটনা সংঘটিত হোৱা সেই স্থানত দুৰ্ঘটনা ৰোধৰ পদক্ষেপ লব পৰা যায়। বৈঠকত বিদ্যালয়ৰ বাছ সমূহৰ উপযুক্ত সুৰক্ষা ব্যৱস্থাৰ বিষয়টো পৰীক্ষণ কৰাৰ বিষয়েও আলোচনা কৰা হয়। উপায়ুক্ত গৰাকীয়ে বাকী থকা বিদ্যালয়ৰ বাছ সমূহৰ সুৰক্ষাৰ পৰীক্ষণ কাৰ্য শীঘ্ৰে সমাপণৰ ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। বৈঠকত মদনপুৰস্থিত টোল গেটখনক এখন আদৰ্শ টোল গেটলৈ ৰূপান্তৰকৰণৰ বিষয়েও আলোচনা কৰা হয়। টোল গেটখনক পূৰ্ণাঙ্গ টোল গেটলৈ  ৰূপান্তৰকৰণৰ অগ্ৰগতিৰ দিশ সমূহ বৈঠকত উপস্থিত থকা এন এইচ এ আইৰ বিষয়া গৰাকীয়ে অৱগত কৰে। বৈঠকত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, এন এইচ এ আই, লোকনিৰ্মাণ ইত্যাদি বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

 

Post Bottom Ad

Responsive Ads Here