যুৱ অলিম্পিক ক্ৰীড়াৰ অগ্নিশিখা বহনকাৰী দলক কামৰূপ জিলাত বিপুল আদৰণি - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Thursday, July 21, 2022

যুৱ অলিম্পিক ক্ৰীড়াৰ অগ্নিশিখা বহনকাৰী দলক কামৰূপ জিলাত বিপুল আদৰণি

যুৱ অলিম্পিক ক্ৰীড়াৰ অগ্নিশিখা বহনকাৰী দলক কামৰূপ জিলাত বিপুল আদৰণি

কামৰূপ আমিনগাওঁ, ২১ জুলাই ঃ  ২২ জুলাইৰ পৰা  ২৭ জুলাইলৈ গুৱাহাটীত অনুষ্ঠিত হবলগীয়া অসম যুৱ অলিম্পিক ক্ৰীড়াৰ অগ্নি শিখা কঢ়িয়াই অনা দলটোক আজি কামৰূপ জিলা ক্ৰীড়া সন্থা আৰু কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়। এই উপলক্ষে কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত আমিনগাঁওস্থিত সংহত জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত এক বিশেষ আদৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য যে ৰাজ্যখনৰ যুৱ ক্ৰীড়াবিদ সকলৰ প্ৰতিভা বিকশাই তোলাৰ লক্ষ্যৰে অসম অলিম্পিক সন্থাৰ উদ্যোগত এই যুৱ অলিম্পিক ক্ৰীড়াৰ আয়োজন কৰা হৈছে। অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক হীৰেণ গগৈৰ নেতৃত্বত অহা এই অসম যুৱ অলিম্পিক ক্ৰীড়াৰ অগ্নি শিখা ধেমাজি জিলাৰ পৰা আৰম্ভ হৈ ৭ খন জিলা অতিক্ৰম কৰি আজি কামৰূপ জিলাত প্ৰৱেশ কৰি উক্ত আদৰণি অনুষ্ঠানৰ পিছতে পুনৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটীলৈ ৰাওনা হয়। অসম অলিম্পিক ক্ৰীড়াৰ অগ্নি শিখা কঢ়িয়াই অনা দলটোক আদৰণি জনোৱা অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক হীৰেণ গগৈ, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা উন্নয়ন আয়ুক্ত নৰসিং বেই খেলুৱৈ সকলক প্ৰেৰণা প্ৰদানেৰে বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, সহকাৰী আয়ুক্ত অম্বৰিশ বড়া, কৌস্তভ ৰায়, আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিক খেলুৱৈ স্নেহা ভৰালী, আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈ মৈত্ৰী শৰ্মা, টাইকোৱানডোৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী দিগন্ত বৰা, আন্তঃৰাষ্ট্ৰীয় পদক প্ৰাপ্ত কাৰাটে খেলুৱৈ দিপাংকৰ মজুমদাৰ, কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰাঞ্জল বঢ়াগোহাঁই, যুটীয়া সম্পাদক ধীৰেণ দাস প্ৰমুখ্যে গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

 

Post Bottom Ad

Responsive Ads Here