কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰ্যালোচনা কৰিলে জিলাখনৰ সাম্প্ৰতিক বানৰ ক্ষয়-ক্ষতিৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, June 28, 2022

কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰ্যালোচনা কৰিলে জিলাখনৰ সাম্প্ৰতিক বানৰ ক্ষয়-ক্ষতিৰ

 কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰ্যালোচনা কৰিলে জিলাখনৰ  বানৰ ক্ষয়-ক্ষতিৰ

কামৰূপ আমিনগাওঁ, ২৮ জুন:- কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি জিলাখনৰ বিধায়ক সকল ক্ৰমে ভৱেশ কলিতা, সুমন হৰিপ্ৰিয়া, হেমাঙ্গ ঠাকুৰীয়া, ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাসৰ উপস্থিতিত আমিনগাওঁস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত জিলাখনৰ সাম্প্ৰতিক বানত হোৱা ক্ষয়-ক্ষতি, সহায্য, উদ্ধাৰ অভিযান ইত্যাদিৰ সামগ্ৰিক পৰ্যালোচনা কৰে। বৈঠকৰ আৰম্ভণিতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামীয়ে জিলাখনৰ বানৰ ক্ষয়-ক্ষতি, প্ৰশাসনে প্ৰদান কৰা সাহায্য আৰু উদ্ধাৰ অভিযান, জিলাখনে বান পানীৰ সময়ত জিলা গুদাম ঘৰৰ ব্যৱস্থা, হাজো আৰু কঞা ৰাজহ চক্ৰত ভৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ সহযোগত পোন প্ৰথম বাৰৰ বাবে দ্ৰোণৰ জৰিয়তে সাহায্য প্ৰদান, কল চেন্টাৰ সক্ৰিয় কৰণ, ‘ৰং তৰাৰ মেলা’ ইত্যাদিৰ দৰে সাহায্য শিৱিৰত শিশু সকলৰ মনোৰঞ্জন মূলক শিক্ষা প্ৰদানৰ বিষয় সমূহ সামৰি এক বিস্তৃত প্ৰেজেন্টেশ্যন প্ৰদান কৰে। জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনেও জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ সাবিশেষ সামৰি বক্তব্য প্ৰদান কৰে। জিলা উপায়ুক্ত গৰাকীয়ে লগতে অৱগত কৰে যে অহা ১ আৰু ৮ জুলাইত অনুষ্ঠিত হব লগীয়া জিলা দুৰ্যোগ প্ৰাধিকৰণৰ বৈঠকত  মান সম্পন্ন পৰিচালনা বিধি (এচ অ’ পি)  অনুসৰি জিলাখনৰ বানৰ ক্ষতিৰ প্ৰতিবেদন প্ৰস্তুত কৰি ১০ জুলাইৰ ভিতৰত দাখিল কৰা হব। বৈঠকত পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যি ঠাইত পানী এতিয়াও আছে তাত সাহায্য বিতৰণ অব্যহত ৰখাৰ উপৰি যি সকল লোক এতিয়াও বান পানীৰ বাবে নিজ গৃহলৈ যাব পৰা নাই তেওলোকক গ্ৰীষ্ম বন্ধ চলি থকা কেইদিন বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত ৰখাৰ উপৰি উপযুক্ত সা-সুবিধা প্ৰদানৰ নিৰ্দেশ দিয়ে। তদুপৰি বানৰ ক্ষতিৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ দিশত মান সম্পন্ন পৰিচালনা বিধি (এচ অ’ পি) অনুসৰি কোনো যোগ্য বান ক্ষতিগ্ৰস্ত যাতে বাদ নপৰে সেইটো নিশ্চিত কাৰৰ পদক্ষেপ লবলৈ সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া সকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত এলেকাত ভ্ৰাম্যমান স্বাস্থ্য শিবিৰ, পশু চিকিৎসা শিবিৰ, পৰ্যাপ্ত ব্লিচিং পাউদাৰ ইত্যাদি বিতৰণৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত কৃষক সকলে যাতে মান সম্পন্ন কঠিয়াৰ বীজ লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে। বৈঠকত জিলাখনৰ বিধায়ক সকলেও নিজৰ নিজৰ সমষ্টিৰ ক্ষয়-ক্ষতি তথা লবলগীয়া ব্যৱস্থাৰাজি সম্পৰ্কত পৰামৰ্শ আগবঢ়ায়। জিলাখনৰ অভিভাৱক মন্ত্ৰী গৰাকীয়ে সাম্প্ৰতিক বানৰ সময়ত জিলা প্ৰশাসনে লোৱা সক্ৰিয় ভুমিকাৰ শলাগ লোৱাৰ উপৰি এই ধাৰা বান পানীৰ পিছৰ সময়ছোৱাটো অব্যাহত ৰখাৰ বাবে কয়। আজিৰ এই পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়,ৰঙিয়া মহকুমা আৰক্ষী বিষয়া, অতিৰিক্ত উপায়ুক্ত সকল, ৰাজহ চক্ৰ বিষয়া সকল, সহকাৰী আয়ুক্ত সকল আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

 

Post Bottom Ad

Responsive Ads Here