বান পৰিস্হিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাগুৰু সকললৈ কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ আহ্বান - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, June 19, 2022

বান পৰিস্হিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাগুৰু সকললৈ কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ আহ্বান

  বান পৰিস্হিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষাগুৰু সকললৈ কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ আহ্বান

আমিনগাওঁ, ১৯জুন : কামৰূপ জিলাৰ ভালেসংখ্যক বিদ্যালয় সাম্প্ৰতিক বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰী সকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। এনে সময়ত আৰ্তজনৰ প্ৰতি সাধ্যানুসাৰে সহায়ৰ হাত আগবঢ়োৱাটো সকলোৰে অন্যতম কৰ্তব্য হোৱা উচিত বুলি মন্তব্য কৰি কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই নিম্নোক্ত বিষয় সমূহৰ ওপৰত দৃষ্টি ৰাখি  যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে  বিদ্যালয়ৰ শিক্ষক সকলক অনুৰোধ জনাইছে। বানৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ পাঠ্যপুথি নষ্ট হ'ব পাৰে। তেনে ক্ষেত্ৰত সঠিক তথ্য মজুত ৰাখি  খণ্ড/জিলা কাৰ্যালয়লৈ এই তথ্য প্ৰেৰণ কৰাৰ বাবে অনুৰোধ জনাইছে যাতে বিদ্যালয়ত থকা 'বুক বেঙ্ক' ৰ সহায়ত এনে ক্ষতি পূৰণ কৰিব নোৱাৰিলে  এই ক্ষেত্ৰত খণ্ড/ জিলা কাৰ্যালয়ে প্ৰয়োজনীয় পদক্ষেপ ল'ব পাৰে।তদুপৰি মধ্যাহ্ন ভোজনৰ চাউল সযতনে ৰখাটো অত্যন্ত প্ৰয়োজনীয়। সংশ্লিষ্ট বিদ্যালয় সমূহে তেনে ব্যৱস্থা লোৱাৰ বাবে তেখেতে আহ্বান জনাইছে। ইয়াৰ উপৰি বিদ্যালয়ৰ প্ৰয়োজনীয় নথি-পত্ৰ নিৰাপদে ৰখাৰ ব্যৱস্থা কৰাটো আন এক গুৰুত্বপূৰ্ণ কাম। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল'বলৈও তেখেতে শিক্ষাগুৰু সকলক আহ্বান জনাইছে।

Post Bottom Ad

Responsive Ads Here