ছয়গাঁৱত আলফাৰ প্ৰাক্তন বৈদেশিক সচিব নগেন দাস ওৰফে হিমাংশু দত্তৰ স্মৃতিচাৰণ সভা - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, June 12, 2022

ছয়গাঁৱত আলফাৰ প্ৰাক্তন বৈদেশিক সচিব নগেন দাস ওৰফে হিমাংশু দত্তৰ স্মৃতিচাৰণ সভা

 ছয়গাঁৱত আলফাৰ প্ৰাক্তন বৈদেশিক সচিব নগেন দাস ওৰফে হিমাংশু দত্তৰ স্মৃতিচাৰণ সভা

ছয়গাঁও ১২ জুন :: "যি সকল ব্যক্তিয়ে দেশৰ কাৰণে আন্তৰিকভাৱে আদৰ্শৰে কাম কৰিছে তেওঁলোকৰ আদৰ্শক একোৱেই নিশেষ কৰিব নোৱাৰে। সমাজে সেই আদৰ্শ আন্তৰিকতাৰে আকোৱালি লয়। নগেন দাসে নিজৰ আদৰ্শৰ লগত কোনো ধৰণৰ আপোচ কৰা নাছিল বাবে আজি ইমান মানুহ ওলাই আহিছে আৰু আমিও তেওঁক সন্মান জনাবলৈ আহিছো"। দক্ষিণ কামৰূপৰ ছয়গাঁৱত যোৱা ১৪মে'ত মৃত্যু হোৱা আলফাৰ প্ৰাক্তন বৈদেশিক সচিব নগেন দাস ওৰফে হিমাংশু দত্তৰ  শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাত উপস্থিত থাকি অসম  শিশু কল্যাণ ন্যাসৰ সচিব হৃষিকেশ গোস্বামীয়ে আজি এইদৰে মন্তব্য কৰে। ছয়গাঁৱৰ ধোৱৰগাঁও শ্ৰীশ্ৰী কৃষ্ণ দৌল আৰু সাংস্কৃতিক প্ৰকল্পত স্মৃতিচাৰণ সভা পৰিচালনা সমিতিৰ সভাপতি সোণৰাম সাউদৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত গোস্বামীয়ে "নগেন দাস এক সংগ্ৰামী সত্তা" নামৰ স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰে। সভাৰ আগতে প্ৰয়াত নগেন দাসৰ মাতৃ কুসুম দাসে নগেন দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুস্পাঞ্জলী প্ৰদান, বৃক্ষৰোপন, সৰ্ব-ধৰ্ম প্ৰাৰ্থনা কৰে। এই অনুষ্ঠানত বিশিষ্ট কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই উপস্হিত থাকি বহু সাধনাৰ ফলতহে এনেকুৱা সাহসী সন্তান মাক দেউতাকে জন্ম দিব পাৰে বুলি মন্তব্য কৰে  । অনুষ্ঠানত প্ৰাক্তন আলফা  দৃষ্টি ৰাজখোৱা, সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল গোস্বামী, ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অম্বিকা প্ৰসাদ দেৱ শৰ্মা, প্ৰাক্তন ছাত্ৰ নেতা জগদীশ গোস্বামী, ছয়গাঁও ছাত্ৰ কল্যাণ ন্যাসৰ সভাপতি দেবেন চন্দ্ৰ বড়োৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্হিত থাকে ।


Post Bottom Ad

Responsive Ads Here