ছয়গাঁৱত আশা কৰ্মীৰ সন্মিলন দাবী পূৰণ নহলে শীঘ্ৰে আন্দোলনত নামিব - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, May 15, 2022

ছয়গাঁৱত আশা কৰ্মীৰ সন্মিলন দাবী পূৰণ নহলে শীঘ্ৰে আন্দোলনত নামিব

 ছয়গাঁৱত আশা কৰ্মীৰ সন্মিলন

দাবী পূৰণ নহলে শীঘ্ৰে আন্দোলনত নামিব

দক্ষিণ কামৰূপ ১৫ মে': অসম ৰাজ্যিক আশা ইউনিয়নৰ সভানেত্ৰী টুটুমণি লাহনে আজি ছয়গাঁৱত সাংবাদিকৰ আগত  মন্তব্য কৰি কয় যে ৰাজ্যৰ আশা কৰ্মীসকলক  চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি, নিম্নতম মজুৰী প্ৰদান তথা ক'ৰ'না কালীন বকেয়া শীঘ্ৰে আদায় আদায় নিদিলে  আন্দোলনত নামিব আশা কৰ্মী সকল । ৰাজ্যিক সভানেত্ৰী গৰাকী আজি দক্ষিণ কামৰূপৰ ছয়গাঁও মঠপাৰাস্থিত মেৰঘৰ সভাগৃহত দিনজোৰাকৈ অনুষ্ঠিত হোৱা দ্বিতীয় দক্ষিণ কামৰূপ জিলা আশা  ইউনিয়নৰ সন্মিলনত উপস্থিত আছিল। সন্মিলনৰ শেষত  ক'ৰ'না প্ৰতিৰোধী বানচ আদায় দিয়াৰ দাবী, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, নাৰী নিৰ্যাতন বন্ধ আদি দাবীৰ সমৰ্থনত হাতে হাতে বেনাৰ ফেষ্টুন আদি লৈ আশাকৰ্মীসকলে এক প্ৰতিবাদী সমদল উলিয়ায় । ৰাতিপুৱা চি আই টি ইউ জিলা সমিতিৰ সহ সম্পাদিকা ৰুনু দাসে চি আই টি ইউৰ পতাকা আৰু আশা  ইউনিয়নৰ জিলা সভানেত্ৰী দেৱজানি কলিতাই আশা ইউনিয়নৰ পতাকা উত্তোলনেৰে দিনযোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰে ক্ৰমে ইউনিয়নৰ উপদেষ্টা বীজন দাস,ইউনিয়নৰ ৰাজ্যিক সভানেত্ৰী  টুটুমনি লাহনে।দুপৰীয়া ননী দেবী আৰু দেৱজানি কলিতাৰে গঠিত সভাপতি মণ্ডলৰ নেতৃত্বত প্ৰতিনিধি সভা আৰম্ভ হয়।  প্ৰতিনিধি সভাত আশা ইউনিয়নৰ ৰাজ্যিক সভানেত্ৰী টুটুমণি লাহনৰ উপৰিও চি আই টি ইউৰ জিলা সম্পাদক হিতেশ দাসে, ৰাজ্যিক উপদেষ্টা বিজন দাসৰ লগতে ভাতৃপ্ৰতিম সংগঠনৰ পৰা ক্ৰমে অনিল দাস,ৰুনু দাস,কনকলতা দাস,ললিতা কলিতাই  বক্তব্য আগবঢ়াই।  সন্মিলনে পৰৱৰ্তী কাৰ্যকালৰ বাবে পুনৰ দেৱজানি কলিতাক সভাপতি আৰু মমতা তালুকদাৰক সম্পাদিকা হিচাপে লৈ এখন ১৫ জনীয়া জিলা সমতি গঠনকৰে। সন্মিলনত ক'ৰ'না প্ৰতিৰোধী বানচ আদায় দিয়া, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ আৰু নাৰী নিৰ্যাতন বৃদ্ধিৰ প্ৰতিবাদত প্ৰস্তাৱ গ্ৰহণ কৰে ।

Post Bottom Ad

Responsive Ads Here