আলফাৰ প্ৰাক্তন বৈদেশিক সচিৱ নগেন দাসৰ মৃত্যু
দক্ষিণ কামৰূপ, ১৪মে' :: সংযুক্ত মুক্তি বাহিনী, অসমৰ প্ৰাক্তন শীৰ্ষ নেতা নগেন দাসৰ আজি বিয়লি প্ৰায় ২ বজাত মৃত্যু হয়। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ধোৱাৰগাঁওস্থিত নিজ বাসগৃহত দাসৰ মৃত্যুৰ সময়ত বয়স ৫৭ বছৰ হৈছিল । অবিবাহিত দাস ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল । সুখ্যাতিৰে ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল । আশীৰ দশকত মুখত দাঢ়িৰে ধুতী পাঞ্জাবী পিন্ধি কটনত বিশেষ ছাত্ৰৰূপে চিনাকি দিয়া নগেন দাসে ১৯৮২ চনত আলফাত যোগদান কৰে । পৰেশ বৰুৱাৰ নেতৃত্বত দাসে আলফাৰ বৈদেশিক দপ্তৰ চোৱাচিতা কৰিছিল । আলফাত সক্ৰিয় অৱস্থাতে তেওঁক কেবাবাৰো আৰক্ষী তথা সামৰিক বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আত্মসমৰ্পনৰ সকলো প্ৰস্তাব নাকচ কৰিছিল । শেষৰবাৰ গ্ৰেপ্তাৰৰ সময়ত তেওঁ মগজুত বেয়াধৰণে আঘাটপ্ৰাপ্ত হয় । এই আঘাটে দাসৰ মানসিক ভাৰসাম্যটো বাধাৰ সৃষ্টি কৰে । মৃত্যু পৰ্যন্ত তেওঁ এই সমস্যাত ভূগি আছিল । আজি তেওঁৰ মৃত্যুৰ বতৰা শুনাৰ লগে লগে ছয়গাঁও প্ৰাক্তন আছুৰ সংগঠন ছাত্ৰ কল্যান ন্যাস আৰু ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৰ্গই দাসৰ বাসগৃহলৈ গৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে । আনহাতে প্ৰাক্তন আলফা নেতাগৰাকীৰ মৃত্যুত আছুৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য, কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস, ছয়গাঁও সাহিত্য সভা, ছয়গাঁও আঞ্চলিক ছাত্র সন্থা, দক্ষিণ কামৰূপ প্ৰেছ ক্লাব, জনসেৱা গোষ্ঠী, ছয়গাঁও স্থায়ী দোকানী সন্থাকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।