ছয়গাঁও প্ৰাথমিক চিকিৎসালয়ত বিধায়ক ৰ এম্বুলেন্স প্ৰদান
ছয়গাঁও, ২ অক্টোবৰ : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰতিশ্ৰুতিমতে কাম কৰি দেখুৱালে। প্ৰতিশ্ৰুতি দিয়াৰ কম দিনৰ ভিতৰতে ছয়গাঁৱত এম্বুলেন্স প্ৰদান কৰিলে বিধায়ক গৰাকীয়ে। আজি গান্ধীজীৰ পবিত্ৰ জন্মদিনত ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত বিধায়ক গৰাকীয়ে প্ৰদান কৰিলে এখন এম্বুলেন্স ৷ বিধায়ক উন্নয়ন পুঁজিৰ ধনেৰে আবণ্টিত তথা সম্পূৰ্ণ বাতানুকুল এম্বুলেন্সখন আজি চিকিৎসালয়খনত অনুষ্ঠিত এক অনুষ্ঠানত বিধায়ক গৰাকীয়ে মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসৰ হাতত অৰ্পণ কৰে ৷ উল্লেখযোগ্য যে নিৰ্বাচনত জয়ী হোৱাৰ পিচতেই ছয়গাঁৱৰ এক অনুষ্ঠানত বিধায়কগৰাকীয়ে ছয়গাঁৱত বিধায়ক পুঁজিৰ ধনেৰে তিনিখন এম্বুলেন্স প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ সেই অনুসৰি বিধায়গৰাকীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰথমখন এম্বুলেন্স প্ৰদান কৰি এম্বুলেন্স সেৱা আৰম্ভ কৰে ৷ বিধায়ক গৰাকীয়ে জনোৱামতে কাইলৈ গৰৈমাৰী সামুহিক স্বাস্থ্যকেন্দ্ৰত দ্বিতীয়খন এম্বুলেন্স প্ৰদান কৰিব ৷ আৰু দুদিনমান পিচত বামুণীগাঁও আদৰ্শ হাস্পাতালত তৃতীয়খন এম্বুলেন্স প্ৰদান কৰিব ৷ আনহাতে অতিশীঘ্ৰে ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত মৃতদেহ কঢ়িওৱা এখন ভেন প্ৰদান কৰিব বুলিও বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে ৷