বিজয়নগৰত ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা ব্যৰ্থ ।। আৰক্ষী- প্ৰশাসনক অনতি পলমে দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী দক্ষিণ কামৰূপ সচেতন মঞ্চৰ।। - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Monday, August 2, 2021

বিজয়নগৰত ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা ব্যৰ্থ ।। আৰক্ষী- প্ৰশাসনক অনতি পলমে দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী দক্ষিণ কামৰূপ সচেতন মঞ্চৰ।।

বিজয়নগৰত ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা ব্যৰ্থ 
আৰক্ষী- প্ৰশাসনক অনতি পলমে দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী দক্ষিণ কামৰূপ সচেতন মঞ্চৰ

পলাশবাৰী ২ আগষ্ট : সমগ্র দক্ষিণ কামৰূপৰ ব্যৱসায়ীক কেন্দ্রৰ প্ৰধানস্থল বিজয়নগৰত কালি দিন দুপৰতে "অসম ষ্টোৰ" নামৰ দোকানখনৰ স্বত্বাধিকাৰী পৱন কুমাৰ আগৰৱালাক অতৰ্কিতে আক্ৰমণ কৰি পিচত  পিষ্টল দেখুৱাই গুলীয়াই  হত্যাৰ ভাবুকিৰে দোকানৰ পৰা বাহিৰ কৰি আনে যদিও ব্যৱসায়ী আগৰৱালাৰ কৌশলগত আক্ৰমণৰ প্ৰত্যুত্তৰত দুৰ্বৃত্তসকল পলাই-পত্ৰং দিয়ে। কিন্তু ঘটনাস্থলীত ব্যবহাৰ কৰা মটৰ চাইকেল, এটি ম'বাইল ৰৈ যায়। আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক, লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, মুখ্য সচেতক তথা মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, প্ৰচাৰ সম্পাদক তথা শিক্ষক ৰঞ্জিত মহন্ত, সদস্য ধৰ্মেন্দ্ৰ দাসৰ লগতে বিজয়নগৰ গেলামাল ব্যৱসায়ী সন্থাৰ সম্পাদক কপুৰ চান্দ জৈনৰ নেতৃত্বত এটি সঁজাতি দলে ঘটনাস্থলী পৰিদৰ্শন কৰি  পিচত পলাশবাৰী ৰাজহ চক্রৰ চক্র বিষয়া আৰু বিজয়নগৰ   আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সাক্ষাৎ কৰি অনতি বিলম্বে দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই সচেতন মঞ্চৰ দলটোক কয়- দুস্কৃতিকাৰী দলটোক অচিৰেই গ্ৰেপ্তাৰ কৰিব পাৰিব বুলি কয়। ৰাজহ চক্রৰ চক্র বিষয়াগৰাকীও বৃহত্তৰ অঞ্চলটোত নিৰাপত্তা দিশটোৰ ওপৰত গুৰুত্ব দিব বুলি কয়। উল্লেখযোগ্য যে "অসম ষ্টোৰ" দোকানখনত এইয়া তৃতীয়বাৰৰ বাবে দুস্কৃতিকাৰীৰ বলি হ'বলগীয়া হৈছে। আনহাতে, আজিৰ পৰা প্ৰায় দুই বছৰ পূৰ্বে শান্তিলাল জৈন নামৰ ব্যৱসায়ী এজন দুৰ্বৃত্তৰ আক্রমণত নিহত হৈছিল।

  

Post Bottom Ad

Responsive Ads Here