আৰক্ষীৰ জালত জাল নোট ব্যৱসায়ী - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, January 6, 2021

আৰক্ষীৰ জালত জাল নোট ব্যৱসায়ী

আৰক্ষীৰ জালত জাল নোট ব্যৱসায়ী

নিউজ ডেস্ক ৰিপোৰ্ট, জনসেৱা লাইভ : দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীৰ জালত পৰিল জাল নোট ব্যৱসায়ী৷ জালনোট ব্যৱসায়ীজনৰ নাম ফাইজুল হক ৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ৷ গৰৈমাৰীৰ লাৰুৱাজান গাঁৱত জালনোট সৰবৰাহ কৰাৰ সময়ত হাতে লোটে ধৰা পৰে চাম্পুপাৰা গাঁৱৰ ফাইজুল হক নামৰ ১৯ বছৰীয়া যুৱকজনৰ পৰা আৰক্ষীয়ে   ১০৫ খন দুই হাজাৰ টকীয়া নোট, ৫০০ আৰু দুশ টকীয়া কলা আৱৰণ সনা জাল নোট লগতে জব্দ কৰিছে। লগতে এখন নম্বৰবিহীন মালবাহী অ'ট ভান আৰু মিকপ্ৰাচ নামৰ এবিধ পদাৰ্থ। ইতিমধ্যে যুৱকজনক ছয়গাঁও আৰক্ষীয়ে আটক কৰি থানালৈ নি সোধ-পোচ অব্যাহত ৰাখিছে।


 

Post Bottom Ad

Responsive Ads Here