সোণতলীত উত্তপ্ত পৰিস্থিতি
সোণতলীৰ ইছমাইল হুছেইনৰ প্ৰতিবেদন :দক্ষিণ কামৰূপৰ সোণতলীত উত্তপ্ত পৰিস্থিতি ৷ সুৰা আসক্ত পৰিয়ালৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল আশ্ৰাফুল উলুম এম ই মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী ৷ সোণতলী আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ৷ যোৱা ৩১ ডিচেম্বৰত আশ্ৰাফুল উলুম এম ই মাদ্ৰাছাৰ এজন ছাত্ৰক ছমৰীয়া পাম গাঁৱৰ আমজাদ আলীৰ পৰিয়ালে সাধাৰণ কথাতেই মাদ্ৰাছাখনত অষ্টম শ্ৰেনীত অধ্যানৰত মনিৰুল হকক নিচাসক্ত পৰিয়ালটোৱে হাতভৰি বান্ধি আক্ৰমন চলাইছিল ৷ পিছত স্থানীয় সোণতলী আৰক্ষীয়ে ছাত্ৰজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে যদিও এজাহাৰ দাখিল কৰাৰ পিছতো কোনো এজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই৷ যাৰ পৰিপ্ৰেক্ষিতত শুক্ৰবাৰে মাদ্ৰাছাখনৰ ছাত্ৰ-ছাত্ৰীয়ে সোণতলী আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায়৷ অভিযোগ মতে, আমজাদ আলী, ৰাবিয়া খাতুন, আফজাল আলী আৰু সুকুমুদ্দিনে নিজৰ ঘৰতে গাঞ্জা খেতি কৰি গাঞ্জা উৎপাদন কৰাৰ লগতে সকলো সময়তে নিচাসক্ত হৈ বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত কৰে ৷ অৱশ্যে ৩১ ডিচেম্বত ছাত্ৰ এজনক হাত ভৰি বান্ধি হত্যাৰ চেষ্টা চলোৱাৰ পিছত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে পৰিয়ালটোৱে খেতি কৰা গাঞ্জা গছ সমূহ ধ্বংস কৰে৷