লীমা কলিতাৰ প্ৰথম গ্ৰন্থ উন্মোচন
নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : নৱ প্ৰজন্মৰ লেখিকা লীমা কলিতাৰ প্ৰথমখন গ্ৰন্থ দক্ষিণ কামৰূপৰ ফকৰা-যোজনা, প্ৰবাদ- প্ৰৱচন,সাঁথৰৰ এভূমুকি আজি উন্মোচন কৰে। কুকুৰমাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আজি গ্ৰন্থখনি উন্মোচন কৰে ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক ডঃ দীনেশ দাসে। গ্ৰন্থখনি উন্মোচনৰ আগতে বন্তি প্ৰজ্বলন কৰে দক্ষিণ সৰুবংশৰ মৌজাৰ মৌজাদাৰ অৱনি কাকতিয়ে।গ্ৰন্থখনি উন্মোচন কৰি অধ্যাপক দাসে নিজৰ অভিজ্ঞতাৰ বৰ্ণনা কৰি নতুন লেখক লেখিকা সকলে গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত সন্মুখীন হোৱা কথা বৰ্ণনা কৰে। লোক সংস্কৃতি বিষয়ক লীমা কলিতাৰ প্ৰথম গ্ৰন্থখনে নতুন লেখক লেখিকা সকলক উৎসাহিত কৰিব বুলিও তেওঁ মন্তব্য কৰে। আমাৰ সংস্কৃতি বাহিৰৰ জগতখনত প্ৰচাৰ কৰিবলৈও আহ্বান জনায় অৱসৰপ্ৰাপ্ত শিক্ষক সৰ্বেশ্বৰ দাসে লোক সংস্কৃতিৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাংবাদিক তথা চণ্ডিকা অফছেট প্ৰেছৰ স্বত্বাধিকাৰী ধীৰাজ কুমাৰ দাসে সভাত ভাষণ দি কয় যে নতুন প্ৰজন্মই মোবাইল ইণ্টাৰনেটত ব্যস্ত থকাৰ অভিযোগ খণ্ডণকৰি লীমা কলিতাই গ্ৰন্থখন লিখি উলিয়াই মহৎ কাম কৰিলে। নিজৰ প্ৰথম গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱাত লেখিকা লীমা কলিতাই যথেষ্ট সুখী বুলি মন্তব্য কৰি কয় যে সৰুৰে পৰাই গাঁৱৰ ককাক আইতাকহতৰ মূখত সাঁথৰ প্ৰবাদ প্ৰবচন আদি শুনি এইবোৰৰ প্ৰতি আকৃষ্ট হৈছিল। ভবিষ্যতে এই বিষয়ত অধ্যয়ন কৰি পুনৰ বিস্তৃত আকাৰত গ্ৰন্থ প্ৰকাশৰ ইচ্ছাৰ কথাও সভাত লেখিকা গৰাকীয়ে ব্যক্ত কৰে। সাংবাদিক বিশ্বজিৎ দাসে আঁতধৰা সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নবীন কলিতা, বন্তি প্ৰজ্বলক অৱনী কাকতি , খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া জীতেন চৌধুৰী, সমাজকৰ্মী গৌৰাঙ্গ দাস আদি কেবাগৰাকীও ব্যক্তিয়ে ভাষণ দিয়ে।