ভিজিলেঞ্চৰ হাতত হাতে লোটে ধৰা পৰিল বামুণীগাঁৱৰ প্ৰটেক্টচন ৰেঞ্জাৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, December 23, 2020

ভিজিলেঞ্চৰ হাতত হাতে লোটে ধৰা পৰিল বামুণীগাঁৱৰ প্ৰটেক্টচন ৰেঞ্জাৰ

ভিজিলেঞ্চৰ হাতত হাতে লোটে ধৰা পৰিল বামুণীগাঁৱৰ  প্ৰটেক্টচন ৰেঞ্জাৰ

নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : পশ্চিম কামৰূপ বন সংমণ্ডলৰ সুৰক্ষা ৰেঞ্জাৰ লক্ষেশ্বৰ দাস ভিজিলেঞ্চৰ হাতত ধৰা পৰিল ৷ আজি সন্ধিয়া এগৰাকী গাড়ী ব্যৱসায়ীৰ পৰা এখন বালি গাড়ী মুকলি কৰি দিয়াৰ নামত ৬০ হেজাৰ টকা উৎকোচ হিচাপে লৈ থকাৰ সময়তেই হাতে লোটে ধৰে ভিজিলেঞ্চৰ দলে ৷ উল্লেখযোগ্য যে বামুৃণীগাঁৱস্থ পশ্চিম কামৰূপ বন সংমণ্ডলটোৰ লগতে বামুণীগাঁও আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ চৌহদত সুৰক্ষা ৰেঞ্জাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা লক্ষেশ্বৰ দাস নাম ৰেঞ্জাৰ গৰাকীৰ বিৰুদ্ধে আছিল দুৰ্নীতিৰ দীৰ্ঘদিনীয়া অভিযোগ ৷ এই গৰাকী বন বিষয়াই হকে বিহকে বালি কঢ়িওৱা গাড়ীৰ লগতে ঘৰুৱাভাৱে মাটি কঢ়িওৱা গাড়ী আদি ধৰি বহু পৰিমাণৰ ধন দাবী কৰি আদায় লৈ আহিছিল ৷ তেওঁৰ এই অবাধ দুৰ্নীতি তথা অবৈধ ধন আদায়ৰ বিষয়ে বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰতো অভিযোগ দিয়া হৈছিল ৷ অৱশেষত আজি উৎকোচ লৈ থকাৰ সময়তেই ভিজেলেঞ্চৰ হাতত ধৰা পৰে এই গৰাকী বিষয়া ৷জানিবপৰামতে প্ৰায় পোন্ধৰদিন পূৰ্বে মিৰ্জাৰ এখন বালি কঢ়িওৱা ট্ৰাক জব্দ কৰিছিল এই গৰাকী বিষয়াই। বালিৰ গাড়ীখনৰ চালান থকাৰ পিচতো বিভিন্ন অজুহাত দেখুৱাই বন বিষয়া গৰাকীয়ে গাড়ীখন জব্দ কৰিছিল ৷ গাড়ীখন মুকলি কৰি দিয়াৰ বাবদ গাড়ীৰ মালিকৰ পৰা এক লাখ টকা দাবী কৰিছিল যদিও গাড়ীৰ মালিকে ৬০ হেজাৰ টকা দিম বুলি কৈ তেওঁ এই বিষয়ে ভিজিলেঞ্চৰ লগত যোগাযোগ কৰিছিল ৷ আজি গাড়ীৰ গৰাকীয়ে ৬০ হেজাৰ টকা দি থকাৰ সময়তেই পূৰ্বে বামুণীগাঁৱৰ বন বিষয়া গৰাকীৰ কাৰ্যালয়ৰ ওচৰত খাপ পিতি ৰৈ থকা ভিজিলেঞ্চৰ দলটোৱে হাতে লোটে ধৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে ৷ এই বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে বিষয়া গৰাকীক কাৰ্যালয়তে আৱদ্ধ কৰি ৰখা হৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠক উপস্থিত হৈছে ৷

 

Post Bottom Ad

Responsive Ads Here