খহনীয়া আৰু সাপৰটাৰীৰ খেতি পথাৰ পৰিদৰ্শন উপায়ুক্তৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, December 4, 2020

খহনীয়া আৰু সাপৰটাৰীৰ খেতি পথাৰ পৰিদৰ্শন উপায়ুক্তৰ

 খহনীয়া আৰু সাপৰটাৰীৰ খেতি পথাৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ


ছয়গাঁও : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ সাপটাৰীৰ কলহী পাৰত গ্ৰামীণ চাহাৰাই ৰূপায়ণ কৰা সৌৰশক্তি চালিত জলসিঞ্চন প্ৰকল্পটো আজি পুৱাৰ ভাগতে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকে পৰিদৰ্শন কৰে ৷ উক্ত প্ৰকল্পটোৰ অধীনত সাপৰটাৰী -শিমলুবাৰীৰ বহু শিক্ষিত যুৱক-কৃষকে ইতিমধ্যে  সৰিয়হ ,কবি,লাও,বেঙেনাকে ধৰি কেইবাবিঘা মাটি সামৰি কৃষি কাৰ্য আৰম্ভ কৰিছে ৷ উপায়ুক্ত গৰাকীয়ে কলহীত আৰম্ভ হোৱা প্ৰৱল গৰাখহনীয়াও পৰিদৰ্শন কৰি অতি শীঘ্ৰে যাৱতীয় ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ উপস্থিত ৰাইজে কলহীৰ উক্ত অঞ্চলটোত চলি থকা অবৈধ বালি খননৰ বিষয়টোও অৱগত কৰে ৷ তদুপৰি সাপৰটাৰী-শিমলুবাৰী সংযোগী বাহঁৰ দলংখনো সংশ্লিষ্ট বিভাগৰ স’তে যোগাযোগ কৰি তৎকালে ব্যৱস্থা লোৱাৰ কথা উপস্থিত ৰাইজক অৱগত কৰে ৷তাৰ পিছত উপায়ুক্ত গৰাকীয়ে পাৰঘাটৰ কলহী-কুলচী নদীৰ সংগমস্থলী পৰিদৰ্শন কৰি দুষ্প্ৰাপ্য শিহুৰ সংৰক্ষণৰ দিশটোত ও গুৰুত্ব আৰোপ কৰে ৷ গ্ৰামীন চাহাৰাই লোৱা এই সেউজ বিপ্লৱক উপায়ুক্ত গৰাকীয়ে ভূয়সী প্ৰংশসা কৰে ৷পৰিদৰ্শন কালত  উপায়ুক্ত গৰাকীক গ্ৰামীন চাহাৰাৰ  সচিব শৰৎ চন্দ্ৰ দাস ,সাংবাদিক পংকজ কলিতা ,পথাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আদি উপস্থিত থাকে 


Post Bottom Ad

Responsive Ads Here