বকোৰ কালিয়াবড়ীত শ্মশান উন্নয়ণৰ পৰ্যালোচনা সভা
বকোৰ পৰা বিষ্ণু ৰাম দাস : সমাজ আৰু সামাজিক চেতনাবোধ থকা বহু কেইজন বিশিষ্ট গঞাৰ তৎপৰতাত দেওবাৰে কামৰূপ জিলাৰ বকোৰ কালিয়াবড়ী গাওঁৰ ৰাজহুৱা শ্মশান খন আধুনিকৰণ কৰাৰ লক্ষ্যৰে আয়োজন কৰে এক পৰ্যালোচনাত সভাৰ। বৃহত্তৰ অঞ্চলটোৰ ৰাজহুৱা শ্মশানৰ জিৰণী গৃহত আয়োজন কৰা সভাৰ পৌৰহিত্য কৰে গাওঁ খনৰ সৰবৰাহী ব্যক্তি তথা ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ সভাপতি গণেশ ৰাভাই। গাওঁৰ যুৱ কৰ্মী বিষ্ণু ৰাম দাসে আঁত ধৰা সভাত বৃহত্তৰ অঞ্চলটোৰ ৰাজহুৱা শ্মশান খন আধুনিকৰণ ; উন্নয়ণ আৰু পৰিচালনা কৰাৰ ওপৰত আলোকপাত কৰে। শ্মশান উন্নয়ণৰ পৰ্যালোচনা সভাত উপস্থিত থাকে জেষ্ঠ সমাজ কৰ্মী তৰুণ বড়ো ; অমুল্য ৰাভা ; যুৱ সমাজ কৰ্মী জগত চন্দ্ৰ দাস ; ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সহকাৰী সম্পাদক জীতুল ৰাভা ; ৰত্নেশ্বৰ ৰাভা ; জয়ন্ত দাস ; সমুদ্ৰ ৰাভাকে ধৰি বহু কেইজন বিশিষ্ট সমাজকৰ্মী। কালিয়াবড়ী ৰাজহ গাওঁ খনৰ কালিয়াবড়ী - পাঠশালাকোঠ - ৰাজাবাৰী - ঘৰজাপাৰা - খামাৰ চুবাৰ কেৱাজনো লোক উপস্থিত থাকে।সভাত সৰ্বসন্মতিক্ৰমে ক্ৰমে সভাপতি হিচাপে তৰুণ বড়ো ; উপ সভাপতি হিচাপে গণেশ ৰাভা আৰু জগত চন্দ্ৰ দাসক ; সাধাৰণ সম্পাদক হিচাপে বিষ্ণু ৰাম দাস আৰু অমুল্য ৰাভা ; জয়ন্ত দাসক সহকাৰী সম্পাদক হিচাপে লৈ গঠন কৰা হয় কালিয়াবড়ী ৰাজহ গাওঁৰ শ্মশান পৰিচালনা সমিতি খন। গঠন কৰা সমিতিয়ে অনাগত দিনত কালিয়াবড়ী ৰাজহ গাওঁৰ শ্মশান খন আধুনিকৰণ কৰাৰ লগতে সু সংগঠিত ৰূপত পৰিচালনা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।