‘কা’ ৰ বিৰুদ্ধে ৰঙিয়াত অৱস্থান ধৰ্মঘট - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Saturday, December 12, 2020

‘কা’ ৰ বিৰুদ্ধে ৰঙিয়াত অৱস্থান ধৰ্মঘট

 ‘কা’ ৰ বিৰুদ্ধে ৰঙিয়াত অৱস্থান ধৰ্মঘট


ৰঙিয়াৰ পৰা হেমেন কলিতা : ৰঙিয়াত অসম জাতীয় পৰিষদ কামৰূপ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট।সমগ্ৰ অসমৰ লগতে শনিবাৰে ৰঙিয়াতো গান্ধীমন্দপৰ সন্মুখত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত "কা" আন্দোলনত ৫গৰাকী নিৰপৰাধী ব্যক্তিৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত আৰু দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত অসম জাতীয় পৰিষদ কামৰূপ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত এক দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে।  কাৰ্য্যসূচী অনুসৰি প্ৰথমে তেওলোকে "কা"বিৰোধী আন্দোলনৰ শ্বহীদ সকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে।ইয়াৰ পিছতে  চৰকাৰৰ ওচৰত "কা" আমি নামানো, জয় আই অসম, AJP LONG LIVE ,অসম জাতীয় যুৱ শক্তি জিন্দাবাদ, বিজেপি চৰকাৰ হুচিয়াৰ, অসম চৰকাৰ হাই হাই, অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম প্ৰথম আৰু চিৰদিন,কেন্দ্ৰীয় চৰকাৰ হাই হাই আদি শ্লগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে। লগতে অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে যে ভাৰতবৰ্ষ এখন গণতান্ৰিক দেশ ইয়াত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ভাৰতীয়  সংবিধানক উলংঘা কৰি ধৰ্মৰ    ভিত্তিত নাগৰিকত্ব প্ৰদানৰ যি ব্যৱস্থা  অৰ্থাৎ "কা" কেতিয়াও মানি লোৱা নহব।


Post Bottom Ad

Responsive Ads Here