১০ টা চোৰাং গৰু সহ ২জন গ্ৰেপ্তাৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, December 2, 2020

১০ টা চোৰাং গৰু সহ ২জন গ্ৰেপ্তাৰ

১০ টা চোৰাং গৰু সহ ২জন গ্ৰেপ্তাৰ


ছয়গাঁও : দক্ষিণ কামৰূপত দীৰ্ঘদিন ধৰি অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় । আৰক্ষীয়ে অভিযান চলাই মাজে সময়ে গৰুসহ চোৰাং ব্যৱসায়ী আটক কৰে যদিও গৰুৰ এই চোৰাং ব্যৱসায় ৰোধ কৰিব পৰা নাই। প্ৰতি  নিশাই এই পশুধন বহিৰাজ্যলৈ চোৰাংকৈ সৰবৰাহ হৈ থকাৰ অভিযোগ বহুদিনীয়া । মঙ্গলবাৰে নিশা এএছ ০১ এফ চি ৩৫৫৪  নম্বৰৰ পিক আপ ভেনত দহটা গৰু কঢ়িয়াই বকো দিশৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ছয়গাঁও আৰক্ষীয়ে  জব্দ কৰে। আৰক্ষীৰ এই অভিযানত বকো মহাবীৰ পথাৰৰ মহিদুল ইছলাম আৰু বকো বৰ আৰিকাটীৰ ৰমজান খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা লোক দুজনৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীয়ে ১১৮৫/২০২০  নম্বৰত গোচৰ ৰুজু কৰি দুই গৰু চোৰক জেৰা অব্যাহত ৰাখিছে।  এই গৰু চোৰ দুটা বৃহৎ গৰুৰ চোৰাং বেহা চলোৱা চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে। এই পশুধনসমূহ গুৱাহাটীৰ হৈ বহিৰাজ্যলৈ সৰবৰাহ হয় বুলি জানিব পৰা গৈছে।


 

Post Bottom Ad

Responsive Ads Here