নগৰবেৰাত বন বিভাগৰ অভিযান
নগৰবেৰাৰ পৰা আব্দুল হকৰ প্ৰতিবেদন : কামৰূপ জিলাৰ নগৰবেৰাত বন বিভাগৰ অভিযান ৷অভিযানত উৎখাত অবৈধ কাঠফলা মিল আৰু মূল্যবান কাঠ ৷ নগৰবেৰাৰ বদলাত বন বিভাগৰ অভিযান ।অভিযানত এটা অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে জব্দ কৰে কিছু পৰিমানৰ চোৰাং কাঠ।শুক্ৰবাৰে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয় অধিনৰ প্ৰটেকচন অফিচাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত চলা অভিযানত নতুন বদলাৰ পৰা এটা অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে কিছু চোৰাং কাঠ জব্দ কৰে।ইফালে বদলা বজাৰত বিভাগীয় অনুজ্ঞাপত্ৰৰে চলি থকা বৈধ কাঠফলা মিলতো অভিযানকাৰী দলে অভিযান চলাই এটা ২৪ ইন্সি কাঠফলা মিলৰ সামগ্ৰীৰ লগতে চালান বিহীন প্ৰায় ২০ কেবি কাঠ জব্দ কৰি লৈ যায়।