অনিল দাসৰ দ্বিতীয় অপিধান তিথিত স্মৃতিগ্ৰন্থ "পিতৃ দেৱো ভৱ" উন্মোচন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Monday, November 9, 2020

অনিল দাসৰ দ্বিতীয় অপিধান তিথিত স্মৃতিগ্ৰন্থ "পিতৃ দেৱো ভৱ" উন্মোচন

  সাহিত্যিক অনিল দাসৰ দ্বিতীয় অপিধান তিথিত স্মৃতিগ্ৰন্থ "পিতৃ দেৱো ভৱ" উন্মোচন


নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : কেবাখনো উপন্যাস, নাটকৰ লিখক অনিল দাসৰ দ্বিতীয় মৃত্যু অপিধান তিথিত আজি তেওঁৰ বাসগৃহত এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় । পলাশবাৰী সমষ্টিৰ ৩ নং আমত'লা নিবাসী অনিল দাসে জীৱিত কালত বন্দিনী, দূৱৰি বনৰ হেমহাৰ, গোলাম নামৰ তিনিখন উপন্যাস, অমানুহ, নিৰ্মল ভকত আদিকে ধৰি কেবাখনো পূৰ্ণাংগ আৰু একাংক নাটককে ধৰি কবিতা, গল্প, প্ৰৱদ্ধ লিখি সাহিত্যৰ ভৰাল চহকী কৰি তুলিছিল । আৰু এইগৰাকী স্বনামধন্য ব্যক্তিৰ বন্ধু, বান্ধৱ, আত্মীয়ৰ লিখনিৰে এখনি সুন্দৰ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিয়ায় তেওঁৰে পুত্ৰ কন্যা ক্ৰমে ৰঞ্জিত দাস, নৱজিৎ দাস, বিশ্বজিৎ দাস আৰু ৰঞ্জিতা দাসে । কুকুৰমাৰাৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীমন্ত কলিতাই উন্মোচন কৰা "পিতৃ দেৱো ভৱ" নামৰ গ্ৰন্থখন উন্মোচনৰ পূৰ্বে তেওঁৰ নাতিনী প্ৰিয়ম দাসে ভক্তিমূলক গীত এটি পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠভ বৃদ্ধি কৰে । আজিৰ অনুষ্ঠানত শিল্পী পেঞ্চনাৰ শুক্লেশ্বৰ মহন্ত, মৃতকৰ সহধৰ্মিনী তথা অনুষ্ঠানটোৰ মূল ব্যক্তি দেৱ বালা দাস উপস্থিত থকাৰ উপৰিও প্ৰয়াত অনিল দাসৰ ভাতৃ ধীৰেণ দাস, জেষ্ঠ ভগ্নী পদুমী দাস, বন্ধু তথা সখি গণেশ দাস উপস্থিত থাকি ভাষণ প্ৰদান কৰে । সাংবাদিক ভগবান দাসে আঁত ধৰা অনুষ্ঠানটোত মৃতকৰ প্ৰিয় বাদ্য কালিয়া বজাই লোক শিল্পী কমিচন ৰাভাই অনুষ্ঠানটো গাম্ভৰ্যপূৰ্ণ কৰি তোলে । সভাৰ পূৰ্বে একশৰণ ভাগৱতী সমাজৰ নীতি নিয়ম অনুসৰি শংকৰ চৰণ মহন্ত আৰু ৰাম কৃষ্ণ মহন্তৰ পৰিচালনাত ভাগৱত পাঠ আৰু নাম কীৰ্ত্তন অনুষ্ঠিত কৰা হয় 

Post Bottom Ad

Responsive Ads Here