ছয়গাঁৱত বিজেপিৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, November 6, 2020

ছয়গাঁৱত বিজেপিৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ

 ছয়গাঁৱত বিজেপিৰ দুদিনীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ

নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ :আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে দলীয় কামকাজ আৰম্ভ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ ছয়গাঁও মণ্ডলৰ উদ্যোগত ধোৱাৰগাঁও   শ্ৰীকৃষ্ণ দৌল আৰু সাংস্কৃতিক প্ৰকল্পত শুক্ৰবাৰৰ পৰা দুদিনীয়াকৈ দলীয় কৰ্মীৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।ছয়গাঁও মণ্ডল বিজেপিৰ সভাপতি প্ৰফুল্ল মেধিৰ সঞ্চালনাত অনুষ্ঠিত সভাত  ভাষণ দি  গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰখনে দুখীয়া জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনি সমূহৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ দলীয় কৰ্মীসকলৈ আহ্বান জনায়।  তদুপৰি তেওঁ অৰুণোদয় আঁচনিত বিজেপি দলে কোনো কেলেঙ্কাৰী কৰা নাই বুলিও সভাত মন্তব্য কৰে। আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত  শংকৰদেৱৰ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰিব বিচৰা কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীৰ বিধায়কৰ পদ খাৰিজ কৰিব লাগে বুলি মন্তব্য কৰি সাংসদ কুইন ওজাই কয় যে অসমীয়া মানুহ জীয়াই থকালৈকে শংকৰদেৱ কলাক্ষেত্ৰতে নহয় অসমৰ কোনো ঠাইতে মিঞা মিউজিয়াম হব নিদিওঁ।ভোটৰ আশাত বিদেশী মানুহ বোৰ আনি নামনি অসমৰ বিভিন্ন স্থানত বহুওৱা বুলিও কংগ্ৰেছ দলক সাংসদ ওজাই সমালোচনা কৰে। প্ৰশিক্ষণ শিবিৰত বিজেপি নেতা নিংকু(নিদৰ্শন) হুজুৰী, বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক অনুপ মেধি আৰু হিতেশ কলিতা, বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰৰ লগতে কেবাগৰাকীও বিজেপি নেতাই অংশগ্ৰহণ কৰি দলীয় কৰ্মীসকলক দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰা তথা বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ বাবে দিহা পৰামৰ্শ আগবঢ়ায়।


Post Bottom Ad

Responsive Ads Here