অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক দুৰ্নীতিৰ অভিযোগ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Friday, November 6, 2020

অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক দুৰ্নীতিৰ অভিযোগ

 অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক দুৰ্নীতিৰ অভিযোগ

নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমতলা জীয়াকুৰ গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত  ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত মহিলা সকলে শুক্ৰবাৰে পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰে । আমতলা জীয়াকুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলা সকলে পৰিস্থিতি উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী মহিলা সকলে  বিধায়ক প্ৰণৱ কলিতা হাই হাই, ৰামপুৰ ব্লকৰ বিডিঅ হাই হাই, দুৰ্নীতি বন্ধ কৰক আদি বিভিন্ন শ্লোগান দিয়ে । অৰুণোদয় আঁচনিৰ সুবিধা প্ৰকৃত হিতাধীকাৰী সকলে লাভ কৰাৰ বিপৰীতে চাকৰিয়াল, ব্যৱসায়ী তথা ধনী ব্যক্তি সকলে লাভ কৰা বুলি ক্ষোভিত মহিলা সকলে অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে আমতলা জীয়াকুৰ পঞ্চায়তৰ সভাপতি প্ৰফুল্ল কলিতাৰ লগতে ৰামপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে মহিলা সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে । মহিলা সকলৰ প্ৰতিবাদত  প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশঙ্কা কৰি উক্ত ঘটনা নিয়ন্ত্ৰণৰ বাবে ছয়গাঁও আৰক্ষী আৰু কুকুৰমাৰা আৰক্ষীৰ সহায়ত পৰিস্থিতি নিয়ন্ত্রণ কৰে । আনহাতে পঞ্চায়ত খনত প্ৰকৃত হিতাধিকাৰী নিৰ্বাচন হোৱা আসোৱাহৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক অতিশীঘ্ৰে তদন্ত কৰি দোষীক শাস্তি দিয়াৰ বাবে সদৌ অসম সংস্কৃত ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰে দাবী জনাইছে

Post Bottom Ad

Responsive Ads Here