নগৰবেৰাত চোৰাং কাঠ জব্দ
নগৰবেৰাৰ পৰা আব্দুল হক : কামৰূপ জিলাৰ নগৰবেৰা আৰু ইয়াৰ পাৰ্শৱৰ্তী এলেকাত দীৰ্ঘদিনৰে পৰা অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা।বন বিভাগক মেনেজ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অঞ্চলটোত বন ধ্বংসযজ্ঞ চলাই থকাৰ সময়তে সোমবাৰে নগৰবেৰাৰ জামলাইত বন বিভাগে এক অভিযান চলায়। অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ মূল্যবান চোৰাং কাঠ।জব্দকৃত কাঠখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হব বুলি অনুমান কৰা হৈছে।বন বিভাগৰ কুকুৰমাৰা আৰু নগৰবেৰা কাৰ্যালয়ৰ বন কৰ্মীৰ এটা বৃহৎ দলে জলজলী নৈৰ পাৰত পৰিত্যক্ত অৱস্থাত থকা প্ৰায় ডেৰ শতাধিক কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।দীৰ্ঘদিনৰে পৰা অঞ্চলটোত অব্যাহত থকা চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা আজিৰ এই অভিযানক প্ৰশংসা কৰিছে স্থানীয় ৰাইজে ।লগতে অঞ্চলটোত চলি থকা অবৈধ কাঠফলা মিল সমূহ বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।