নগৰবেৰাত দিন দুপৰতে ডকাইতি - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, November 22, 2020

নগৰবেৰাত দিন দুপৰতে ডকাইতি

নগৰবেৰাত দিন দুপৰতে ডকাইতি

নগৰবেৰাৰ পৰা আব্দুল হকৰ প্ৰতিবেদন : কামৰূপ জিলাৰ নগৰবেৰাত দিন দুপৰতে ডকাইতি কাণ্ড। মাৰনাস্ত্ৰ দেখুৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৩ লাখ ৫০ হাজাৰ টকা।আনোৱাৰ হুছেইন নামৰ ব্যৱসায়ীৰ পৰা লুটিলে এই বৃহৎ ধন।নগৰবেৰাৰ মালঞ্চা পকী দলঙৰ ওপৰ দেওবাৰে পুৱাই সংঘটিত হয় এই ডকাইতি কাণ্ড । নগৰবেৰা ভখুৰাদিয়াৰ পৰা আনোৱাৰ হুছেইন নামৰ এগৰাকী ব্যৱসায়ী AS 15 E 5784 নম্বৰৰ মটৰ চাইকেলেৰে বৰপেটালৈ গৈ থকা অৱস্থাত কলা ৰঙৰ নম্বৰপ্লেট বিহীন পালছাৰ বাইকত অহা তিনিজনীয়া ডকাইতৰ দলে আগচি ধৰি পিষ্টল, খুকুৰী দেখুৱাই ব্যৱসায়ী জনৰ পৰা প্ৰায় ৩ লাখ পঞ্চাশ হাজাৰ টকা লুটি নিয়ে। ডকাইতৰ দলটোৱে ব্যৱসায়ী জনৰ বাইকৰ চাবিপাতো লৈ যায়। দিন দুপৰতে ৰাজপথত সংঘটিত এই ডকাইতি কাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে নগৰবেৰা থানাত অৱগত কৰোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে, উক্ত স্থানত ইয়াৰ পূৰ্বেও একাধিকবাৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল। ডকাইতি কাণ্ডত জৰিত সকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে।


 

Post Bottom Ad

Responsive Ads Here