ছয়গাঁৱত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি
ছয়গাঁও : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সোমবাৰে মৃত্যুবৰণ কৰা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত মঙ্গল বাৰে ছয়গাঁও ৰাজীৱ ভৱনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি প্ৰতাপ কলিতাই আত ধৰা এই অনুষ্ঠানৰ আৰম্ভনিতে ছয়গাঁও ব্লক কংগ্ৰেছৰ সভাপতি ৰুদ্ৰ কুমাৰ চৌধুৰীয়ে প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় । ইয়াৰ পিছতে ছয়গাঁও ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি অখিল শালৈৰ লগতে কংগ্ৰেছ দলৰ কৰ্মকৰ্তা সকলে চিৰতৰুণ ৰাজনীতিবিদজনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে প্ৰয়াত নেতাগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় ভগবানৰ ওচৰত মৌন প্ৰাৰ্থনা জনায়। আনহাতে প্ৰয়াত নেতাগৰাকীৰ প্ৰতি সন্মান জনাই ছয়গাঁও ৰাজীৱ ভৱন প্ৰাঙ্গনত দলীয় পতাকা বাবে অৰ্ধনমিত কৰে । তৰুণ গগৈৰ মৃত্যত কংগ্ৰেছ দলে তিনিদিনীয়া শোক পালন কৰিব বুলি জানিব পৰা গৈছে।