বকোত দীপাৱলী পালনৰ সজাগতাৰ পথ সভা
বকোৰ পৰা বিষ্ণু ৰাম দাস : সমাগত পোহৰৰ উৎসৱ দীপাৱলীত প্ৰাকৃতিক পৰিৱেশ ; জলবায়ু আদিকে ধৰি জীৱকুলৰ ক্ষয়-ক্ষতি হ'ব পৰা ধৰণৰ ব্যৱস্থা আতচবাজী - ফটকা আদি পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে ইলোৰা বিজ্ঞান মঞ্চ অসমে। মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে কামৰূপ জিলাৰ বকোত বকো শাখাৰ উদ্যোগত আজি এক সজাগতা সভাৰ আয়োজন কৰা হয়। ক'ৰোনা বিভীষিকাৰ মাজত দীপান্বিতা হওক সেউজীয়া পোহৰৰ উৎসৱ।বায়ু আৰু শব্দ প্ৰদুষণ জীৱকুলৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। সেয়েহে দীপাৱলী উৎসৱৰ আনন্দ - উল্লাসৰ মাজত জুই - বাৰুদৰ খেলা ; ফটকা ; অধিক কেমিকেল যুক্ত লাইট ; উচ্চ হাৰত শব্দ যুক্ত বোম আদিকে ধৰি শব্দ প্ৰদুষণ হোৱা কাৰ্য্য বৰ্জন কৰি কলগছৰ সাচত মাটিৰ চাকিত মিঠাতেল বন্তি জ্বলাই ধুপ ধূনাৰে পুজা অৰ্চনা কৰি দীপাৱলী পালনৰ আহ্বান জনায়। লগতে বজাৰত ৰাইজৰ মাজত সজাগতাৰ পুস্তিকা বিতৰণ কৰে আৰু বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ক সমাজত সজাগতা আনিবলৈ আহ্বান জনায় স্মাৰক পত্ৰ প্ৰদান কৰে।