গৰৈমাৰীৰ মহিমাৰীত বন বিভাগৰ অভিযানত প্ৰায় ৪ লাখ টকাৰ শাল-চেগুণ জব্দ
ছয়গাঁও : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ মহিমাৰীত দেওবাৰে বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ মূল্যবান শাল আৰু চেগুণ কাঠৰ লগতে কাঠ ফলা কিছু সামগ্ৰীও জব্দ কৰে । জানিব পৰা মতে পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সুৰক্ষা বিষয়া লক্ষেশ্বৰ দাসে গৰৈমাৰীৰ মহিমাৰীত বৃহৎ পৰিমাণৰ মূল্যবান অবৈধ কাঠ থকাৰ খবৰ বিশেষ সুত্ৰে লাভ কৰে । এই খবৰ লাভ কৰাৰ পিছতে বন সুৰক্ষা বিষয়া গৰাকীয়ে বন কৰ্মীৰ সৈতে দেওবাৰে মহিমাৰীত দুঘৰ মানুহৰ ঘৰত অভিযান চলাই ফলা চেগুণ আৰু শালৰ কাঠৰ লগতে এঘৰৰ পৰা চেগুণৰ টুকুৰা জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত কাঠ খিনিৰ মূল্য প্ৰায় ৪ লাখ টকা হ’ব বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে । উল্লেখ্য যে গৰৈমাৰীৰ মহিমাৰীত দীৰ্ঘ দিন ধৰি অবৈধ কাঠ মজুত কৰি বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি চোৰাং কাঠৰ ব্যৱসায় চলাই আহিছিল একাংশ লোকে । সম্প্ৰতি জব্দকৃত কাঠখিনি বামুণীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ অনা হৈছে ।