নিউজ ডেস্ক জনসেৱা লাইভ : বামুণীগাঁও ইউকো বেংকৰ কৰ্মচাৰীৰ মহিলা গ্ৰাহকক দুৰ্ব্যৱহাৰ ৷ গ্ৰাহকৰ একাউণ্ট বহী ফালিলে কৰ্মচাৰীয়ে ৷ একাউণ্ট বহী আপটুডেট কৰিবলৈ দিয়াত মহিলা গ্ৰাহক গৰাকীক ধমকি দিয়াৰ লগতে একাউণ্ট বহীটো আপটুডেট কৰি দিয়াৰ সলনি ফালি দলিয়াই ৷ এই কথাত ভীষণ ক্ষুণ্ণ হৈ পৰা মহিলা গৰাকীয়ে বেংকৰ মেনেজাৰৰ ওচৰলৈ গৈ কৰ্মচাৰী গৰাকীৰ বিৰুদ্ধে অভিযোগ দিয়াত মেনেজাৰ গৰাকীয়ে মহিলা গ্ৰাহক গৰাকীৰ অভিযোগ শুনাৰ পৰিবৰ্তে মহিলা গৰাকীক ওলোটাই ধমকিহে দিয়ে ৷ জুৰি দাস নামৰ মহিলা গৰাকীক বামুণীগাঁও ইউকো বেংকত দুৰ্ব্যৱহাৰ কৰাৰ লগতে একাউণ্ট বহী ফালি পেলোৱাৰ কথা প্ৰচাৰ হোৱাত বেংকৰ চৌহদত বহু সংখ্যক লোকৰ লগতে দুজনমান সাংবাদিকো উপস্থিত হয় ৷ ঘটনাৰ বিষয়ে জানিবলৈ যোৱা সাংবাদিককো বেংক কৰ্তৃপক্ষই দুৰ্ব্যৱহাৰহে কৰে বুলিও অভিযোগ উত্থাপিত হৈছে। এতিয়া মহিলা গৰাকীয়ে এক ন্যায় বিচাৰিছে ৷ কিন্ত একাংশ বেংকৰ কৰ্মচাৰীৰ গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰা পুৰণি অভিযোগৰ সন্দৰ্ভত কোনো সুফল নোপোৱা গ্ৰাহক ৰাইজে শুকুকবাৰৰ এই ঘটনাৰো যে একো ন্যায় নাপাই সেইটো নিশ্চিত ৷
Post Top Ad
Responsive Ads Here
Post Bottom Ad
Responsive Ads Here
Author Details
‘জনসেৱা’ চৰকাৰী পঞ্জীয়নভুক্ত এক বে-চৰকাৰী সংস্থা। পঞ্জীয়ন নং- KAM (R) /264/C/29 of 2014-2015। দক্ষিণ কামৰূপৰ ছয়গাঁৱক মুখ্য কাৰ্যালয় হিচাপে লৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। ২০০৯ চনৰ ২৫ জুলাইত মাহেকীয়া বাৰ্তালোচনী ‘জনসেৱা’ প্ৰকাশ কৰাৰ পিছৰে পৰা এই সংস্থা গঠন কৰা হয়।.